নাওবৈচা, ৫ জুন: লখিমপুৰ জিলাৰ নাওবৈচাত ভয়াৱহ ৰূপত বাঢ়িছে ড্ৰাগছ আসক্তৰ সংখ্যা (Illegal Drugs at Naoboicha)। প্ৰতিবছৰে এই ভয়ানক ড্ৰাগছৰ কবলত পৰি মৃত্যু হৈছে নতুন প্ৰজন্মৰ বহু কিশোৰ-যুৱকৰ । বিশেষকৈ অঞ্চলটোৰ একাংশ চেমনীয়া আৰু কিশোৰ এই ড্ৰাগছৰ কৱলত পৰা পৰিলক্ষিত হৈছে । নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি বহুতে নিজলৈ মাতি আনিছে পংগুত্বৰ জীৱন ।
ড্ৰাগছ ক্ৰয় কৰিবলৈ চুৰি-ডকাইতিত লিপ্ত হৈছে সম্ভ্ৰান্ত ঘৰৰ সন্তান । বহু পৰিয়ালে হেৰুৱাব লগা হৈছে একমাত্ৰ সন্তানক । ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে এই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইটোৰ পিছত সিটো অপৰাধী গ্ৰেপ্তাৰ কৰিছে যদিও ড্ৰাগছৰ ব্যৱসায় নিৰ্মূল কৰিব পৰা নাই (Anti drugs mission in Lakhimpur)।
আৰক্ষী চকুত ধূলি দি এই ক’লা সাম্ৰাজ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি কৰিছে ড্ৰাগছ মাফিয়াই । জানিব পৰা মতে জিলাখনৰ সীমান্তৱৰ্তী বান্দৰদেৱাৰ পৰা নিয়ন্ত্ৰণ হয় ড্ৰাগছৰ ব্যৱসায় (Drugs at Banderdawa)৷ শেহতীয়াকৈ নাওবৈচাৰ ডিজুত বৃহৎ ঘাটি স্থাপন কৰিছে । ডিজু অঞ্চলৰ এগৰাকী নাৰীয়ে ড্ৰাগছৰ এই বৃহৎ ঘাটি স্থাপন কৰি নতুন প্ৰজন্মক ধ্বংস গৰাহলৈ ঠেলি দি ৰাতিটোৰ ভিতৰতে কোটি টকাৰ গৰাকী হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ সচেতন লোকসকলে ।
বান্দৰদেৱাত যিটো ড্ৰাগছৰ কন্টেইনাৰৰ মূল্য বাৰশ টকা সেই কন্টেইনাৰটোকে ডিজুত চাৰি/পাঁচ হেজাৰত বিক্ৰী কৰি ৰহস্যময়ী নাৰীগৰাকীয়ে এই ক’লা সাম্ৰাজ্য দিনক দিনে বৃদ্ধি কৰি কোটিপতি হৈ পৰিছে । এই ৰহস্যময়ী নাৰীগৰাকীৰ ব্যৱসায়ত ডিজু অঞ্চলৰে চাৰি-পাঁচজন লোকে সহযোগিতা কৰি আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে । আনহাতে ড্ৰাগছৰ এই ক’লা সাম্ৰাজ্য ডিজুৰ পৰা পৰিসৰ বৃদ্ধি কৰি বুধ বজাৰকে ধৰি অৰুণাচলৰ কিমিনলৈকে সম্প্ৰসাৰিত কৰিছে যদিও আৰক্ষীৰ নীৰৱ ভূমিকাই অঞ্চলবাসীক উদ্বিগ্ন কৰি তুলিছে ।
ইফালে আৰক্ষীয়ে অভিযান চলাই মাজে সময়ে দুই-এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ড্ৰাগছ উদ্ধাৰ কৰি সংবাদ মাধ্যমৰ জৰিয়তে বাঃ বাঃ ল’লেও মুঠেও এই ক’লা সাম্ৰাজ্য উচ্ছেদ কৰিব পৰা নাই ৷ বৰঞ্চ দিনক দিনে এই অবৈধ ব্যবসায় বাঢ়িহে গৈছে । যাৰ বাবে অশনি সংকেত প্ৰকাশ পাইছে নৱ প্ৰজন্মৰ প্ৰতি ।
লগতে পঢ়ক: Kokrajhar firing incident: ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক