নাওবৈচা, ৫ জানুৱাৰী: মঙলবাৰে লখিমপুৰৰ নাওবৈচাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত নাওবৈচা আঞ্চলিক সমিতি গঠন কৰা হয় । সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ নিৰ্দেশ মৰ্মে লখিমপুৰ জিলা এন পি এছ কৰ্মচাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই সভাত চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনোৱা হয় ।
অৱসৰপ্ৰাপ্ত এন পি এছ শিক্ষক বলোৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত লখিমপুৰ জিলা এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি ভাস্কৰ দলে উপস্থিত থাকি চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু এই নীতি বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় । সভাত লখিমপুৰ জিলাৰ এন পি এছ কৰ্মচাৰী সংস্থাৰ কোষাধ্যক্ষ বিবেকানন্দ সোণোৱালে কয় যে,নতুন পেন্সন নীতিয়ে বিশেষকৈ ২০১৩ চনত প্ৰাদেশীকৃত ৰাজ্যৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা বহু শিক্ষক-শিক্ষয়িত্ৰীক বিপদত পেলাব । উক্ত বিদ্যালয় সমূহৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে বৰ্তমান মাহে ৫০০-৮০০ টকাৰ পেন্সন লাভ কৰিছে ।
সেয়েহে চৰকাৰে এই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে পুনৰবাৰ বিবেচনা কৰিব লাগে বুলি মন্তব্য কৰে। সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ট্ৰিকেন্দ্ৰজিৎ বৰুৱা, নাওবৈচা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক শশাংকৰ বৰা,লখিমপুৰ জিলা মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি বুদ্ধ কায়স্থ,নাওবৈচা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন কুমাৰ দাসেও অংশগ্ৰহণ কৰে ।
সভাত ১০ জন এন পি এছ কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় । নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে যি আন্দোলন গঢ়ি তোলা হ'ব সেই আন্দোলনক অধিক গতিশীল আৰু সংগঠনটোক শক্তিশালী কৰাৰ লক্ষ্যৰে এন পি এছ কৰ্মচাৰী সংস্থাৰ নাওবৈচা আঞ্চলিক সমিতি গঠন কৰা হয় । কেশৱ শইকীয়াক সভাপতি,হীৰা দাস,ৰবীন শইকীয়াক উপ-সভাপতি,শশাংকৰ বৰাক মুখ্য সম্পাদক,পবিত্র গগৈ,ট্ৰিকেন্দ্ৰজিৎ সোণোৱালক যুটীয়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন ২১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।
লগতে পঢ়ক:বকোত উন্মোচন কাব্য সংকলন 'লাঙা শাল'