ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত নাওবৈচাত প্ৰতিবাদ

author img

By

Published : Nov 16, 2020, 5:01 PM IST

জৰাজীৰ্ণ পথে যমৰ যাতনা ভোগাইছে নাওবৈচাৰ চমুৱা গাঁৱৰ বাসিন্দাক । পথ নিৰ্মাণৰ নামত আজি পৰ্যন্ত শিল এটাও নপৰিল গাঁৱৰ মূল পথটোত । বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰা নাই ভগ্ন মথাউৰি । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে চমুৱা গাঁৱৰ ৰাইজে ।

পথ নিৰ্মাণৰ দাবীত নাওবৈচাৰ চমুৱা গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

নাওবৈচা,১৬ নৱেম্বৰ: স্বাধীনতাৰ ৭২ বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা নাই লখিমপুৰৰ নাওবৈচাৰ চমুৱা গাঁৱৰ ৰাইজে । সমস্যাজৰ্জৰ অঞ্চলটোৰ কথা ভাবিবলৈ আহৰি নাই জন প্ৰতিনিধিৰ । চমুৱা গাঁৱৰ ৰাইজে যাতায়াত, বান-খহনীয়া, বিশুদ্ধ খোৱাপানী, শিক্ষাকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে । বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নাই জন প্ৰতিনিধিৰ । উপায়হীন হৈ সোমবাৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট চাৰিআলিৰ পৰা গাঁৱখনলৈ যোৱা শিঙৰা নদীৰ পথত মথাউৰিটো যোৱা ৫০ বছৰ ধৰি পুনৰ নিৰ্মাণ নকৰাত গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে । বাৰিষা বাদেই, খৰালিৰ সময়তো এজাক বৰষুণ দিলেই মথাউৰিটো বোকাময় হৈ খোজ দিব নোৱাৰা অৱস্থা হয় । শিঙৰা নদীয়ে মথাউৰি ভাঙি বিগত সময়চোৱাত গাঁৱখনত বিস্তৰ ক্ষতিসাধন কৰিছিল । ইয়াৰোপৰি গাঁৱখনৰ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে বাৰিষা অথবা খৰালিত চমু বাট বিচাৰি শিঙৰা নদীৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে ।

অন্য চৰকাৰী সা-সুবিধা লাভ কৰা দূৰৰে কথা বিশুদ্ধ খোৱাপানীৰ পৰাও বঞ্চিত হৈ আছে অঞ্চলবাসী । কেৱল ধনী লোকেহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আহিছে বুলি কেইবাজনো লোকে অভিযোগ উত্থাপন কৰে । সেয়ে, সোমবাৰে সমস্যাসমূহ সমাধানৰ লগতে শিঙৰা নদীৰ ওপৰত আন এখন দলং নিৰ্মাণ দাবী জনাই কণ কণ শিশুসহ গাঁৱৰ ৰাইজে পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰে এই দাবীসমূহ মানি নল'লে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত হৈ জোনাইত মৃত্যুক সাৱটিলে তিনি যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.