ETV Bharat / state

পশ্চিম টেলাহীৰ মথাউৰিত ভোকে-পিয়াহে বন্যাতৰ যন্ত্ৰণাকাতৰ জীৱন - ৰঙানদীপৰীয়া হাজাৰ হাজাৰ

পশ্চিম তেলাহীৰ ৯খন গাঁৱৰ শ-শ বন্যাতৰ মাজত হাহাকাৰ পৰিস্থিতি এসপ্তাহে নাই বান সাহায্য মথাউৰিতে ভোকে-পিয়াহে বন্যাতৰ যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত ৷

nowboicha ranganodi flood effacted situation
পশ্চিম টেলাহীৰ মথাউৰিত ভোকে-পিয়াহে বন্যাতৰ যন্ত্ৰণাকাতৰ জীৱন
author img

By

Published : May 27, 2020, 9:05 PM IST

নাওবৈচা,২৭মেঃ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই ৰঙানদীৰ বক্ষত প্ৰকল্পৰ অতিৰিক্ত জলাধাৰা ধাৰাবাহিকভাৱে এৰি আহিছ আৰু যোৱা এসপ্তাহে নেৰা নেপেৰা বৰষুণৰ ফলতেই লখিমপুৰ জিলাৰ পশ্চিম তেলাহীৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিলৰ হৈ গৈ আছে। নীপকো কৰ্তৃপক্ষই ৰঙানদীপৰীয়া হাজাৰ হাজাৰ লোকৰ জীৱন সম্পত্তিৰ প্ৰতি টিল মাত্ৰও গুৰুত্ব প্ৰদান নকৰি জোখতকৈ বেছি পানী এৰি দিয়াত নদীখনে কালৰূপ ধাৰণ কৰে । ইয়াৰ ফলত নদীখনৰ একেবাৰে নামনিৰ পশ্চিম তেলাহীৰ বনগাঁৱৰ সমীপতে থকা উন্মুক্ত ৰিং বান্ধেৰে যোৱা এসপ্তাহে অহৰহ বাঢ়নী পানী সোমাই আছে।

পশ্চিম টেলাহীৰ মথাউৰিত ভোকে-পিয়াহে বন্যাতৰ যন্ত্ৰণাকাতৰ জীৱন

সম্প্ৰতি অঞ্চলটোৰ ৯খন গাঁৱৰ শ-শ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ বিপৰ্য । পশ্চিম তেলাহীৰ অন্তৰ্গত বনগাঁও, শান্তিপূৰ, কৰতিপাৰ, মলুৱাল, কঁঠালপুখুৰী, জামুগুৰি, পকাদল,মাজৰচাপৰি,ডুবাৰ গাঁওকে ধৰি ৯ খন শ-শ লোকৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছে। বৰ্তমান অঞ্চলটোত যোৱা এসপ্তাহে প্ৰশাসনে চাউল কেইটাৰ বাদে একো সাহায্য সামগ্ৰী যোগান নধৰাত বন্যাতৰ মাজত হাহাকাৰ লাগিছে। অঞ্চলটোৰ অৰ্দ্ধ শতাধিক পৰিয়ালে নিজৰ ঘৰ-বাৰি বলিয়া ৰঙানদীৰ বানত ডুব যোৱাত ওখ ঠাই বিচাৰি মথাউৰি ওপৰত এখন সাধাৰণ তিৰপালৰ চালিৰ তলত কোনোমতে জীৱনটো ৰক্ষা কৰি জীয়াই আছে। অঞ্চলটোৰ অৰ্দ্ধ শতাধিক পৰিয়ালে এমুঠিৰ অন্নৰ লগতে খোৱাপানী বিচাৰি হাবাথুৰি খাব লগা হৈছে। এখন সাধাৰণ টিৰপালৰ চালিৰ তলত যন্ত্ৰণাময় জীৱন পাৰ কৰোৱা পৰিয়ালসমূহৰ মাজত ভূতৰ ওপৰত দানহ পৰাদি বিভিন্ন ৰোগে আগুৰি ধৰিছে। চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত বন্যাতৰ মৰণকাতৰ চিঞৰে শোকাকূল পৰিবেশ সৃষ্টি কৰিছে।

আনহাতে খাদ্যৰ অভাৱত অঞ্চলটোৰ পশুধনৰো বিলাই বিপতি নোহোৱা হৈছে। উল্লেখযোগ্য যে ২০১৪ চনতে ৰঙানদী সংহাৰী বানে অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ বনগাৱঁৰ সমীপৰ ৰিংবান্ধটো ছিগি নিয়া আজি ৭বছৰ পাৰ হৈ যোৱা পাছতো নিৰ্মাণ নকৰাৰ বাবেই ৰাইজ ভয়ানক বানৰ কৱলত পৰিব লগীয়া হৈছে বুলি বন্যাতৰ ৰাইজে অভিযোগ কৰিছে। ইফালে লখিমপুৰ জিলা বিধান সভাৰ বিধায়ক উৎপল দত্তই আজিলৈকে বানবিধস্ত অঞ্চলটো পৰিদৰ্শন নকৰা বন্যাতৰ ৰাইজৰ মাজত দুগুণে ক্ষোভ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ নগাঁও পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতা : পথৰ দাঁতিতে পুতিছে মৃত গাহৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.