ETV Bharat / state

সাত বছৰে বিচনাত দিন অতিবাহিত কৰা এটি কিশোৰ... - Nowboicha

বিগত সাত বছৰে এখন বিচনাতে দিন অতিবাহিত কৰিছে এটি কিশোৰে ৷ 2013 চনত দুৰ্ভাগ্যৱশত এক দুৰ্ঘটনাত পতিত হৈ কঁকালত গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল নাওবৈচাৰ পংকজ সৰকাৰ নামৰ কিশোৰটি ৷

nowboicha-poor-family-sad-story
নাওবৈচাত বিগত সাত বছৰে এখন বিচনাত দিন অতিবাহিত কৰিছে এটি কিশোৰে...
author img

By

Published : Jan 11, 2021, 5:12 PM IST

নাওবৈচা,১১ জানুৱাৰী: লখিমপুৰ জিলাৰ নাওবৈচাত বিগত সাত বছৰে এখন বিচনাতে দিন অতিবাহিত কৰিছে এটি কিশোৰে ৷ কিশোৰটিৰ নাম পংকজ সৰকাৰ ৷ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘপুখুৰী গাঁৱৰ মৰল সৰকাৰ আৰু জ্যোৎস্না সৰকাৰৰ একমাত্ৰ পুত্ৰ পংকজ সৰকাৰ ৷

নাওবৈচাত বিগত সাত বছৰে এখন বিচনাত দিন অতিবাহিত কৰিছে এটি কিশোৰে...

সাত বছৰ পূৰ্বে অৰ্থাৎ ২০১৩ চনৰ ডিচেম্বৰ মাহত নিজৰ বাৰীৰ এজোপা জলফাই গছত উঠোতেই দুৰ্ভাগ্যৱশত ওপৰৰ পৰা সৰি পৰিছিল কিশোৰটি । ফলত কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰটিক পিতৃ মাতৃয়ে কেইবা লক্ষাধিক টকা খৰছ কৰি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসা কৰাইছিল যদিও আজিলৈকে সুস্থ হৈ নুঠিল পংকজ । পুত্ৰৰ চিকিৎসাৰ নামত অতি দৰিদ্ৰ পিতৃ মাতৃয়ে নিজৰ মাটি বাৰী বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে পৰিয়ালটো ৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা সহৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: গোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.