ETV Bharat / state

নাওবৈচাৰ চমুৱা গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

author img

By

Published : Jul 10, 2020, 10:21 PM IST

শুকুৰবাৰে পুৱা অহা ফলাফল অনুসৰি চমুৱা গাঁৱৰ মুঠ ৯ জন ব্যক্তিৰ দেহত কৰ’ণা পজেটিভ পোৱা গৈছে ৷ স্থানীয় ৰাইজে গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে গাঁওখনক জিলা প্ৰশাসনে কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

nowboicha-covid-19-positive-community-spred-at-chamuagoan
নাওবৈচাৰ চমুৱা গাঁৱত কৰ'ণাৰ সামাজিক গণ সংক্ৰমণৰ আশংকা

নাওবৈচা,১০জুলাইঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ চমুৱা গাঁৱত আৰম্ভ হৈছে কৰ’ণাৰ সামাজিক সংক্ৰমণ ৷ গাঁও খনৰ কেইবাটি পৰিয়ালৰ সদস্যৰ দেহত পোৱা গৈছে কোভিড-19 ৰ অৱস্থিতি ৷ ইতিমধ্যে একেটা পৰিয়ালৰ ৬ জন সদস্য আক্ৰান্ত হৈছে ৷ ধেমাজিৰ বিশাল মেগামাৰ্টৰ কৰ্মচাৰী কৰ’ণা পজিটিভ ভূপেন শইকীয়াৰ ঘৰ এই গাঁৱখনত ৷ লোকগৰাকীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাচত পৰিয়ালৰ লোকৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ নাওবৈচাৰ চমুৱা গাঁৱৰ যুৱক ভূপেন শইকীয়া দীৰ্ঘদিন ধৰি ধেমাজি চহৰত থকা বিশাল মেগামাৰ্টৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল ৷

নাওবৈচাৰ চমুৱা গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

মেগামাৰ্টৰ অন্য ২১জন কৰ্মচাৰীৰ লগতে ভূপেনৰ দেহতো কোভিড-19 পজিটিভ ধৰা পৰে ৷ কোভিড পজিটিভৰ ফলাফল ওলোৱাৰ আগতেই কৰ’ণাক্ৰান্ত ভূপেন শইকীয়া নিজৰ গাঁৱলৈ উভতি আহিছিল ৷ ফলত পৰিয়ালৰ লগতে গাঁৱৰ একাংশ লোক ভূপেনৰ সংস্পৰ্শলৈ আহে ৷ ফলাফলত পজিটিভ অহাৰ লগে লগে স্বাস্থ্য বিভাগে ভূপেনক কোভিড চিকিৎসালয়লৈ নিয়ে আৰু ভূপেনৰ তথ্যৰ ভিত্তত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া লোকৰ স্বাৱ গ্ৰহণ কৰা হয় ৷ শুকুৰবাৰে পুৱা অহা ফলাফল অনুসৰি চমুৱা গাঁৱৰ মুঠ ৯ জন ব্যক্তিৰ কৰ’ণা পজিটিভ পোৱা গৈছে ৷ ইয়াৰ ফলত গাঁওখনত গণ সংক্ৰমণ হোৱা বুলি আশংকা কৰিছে স্থানীয় লোকে ৷ এতিয়ালৈকে কৰ'ণাত আক্ৰান্ত হোৱা লোকসকল হ’ল পবিত্ৰ শইকীয়া,অৰুণজ্যোতি শইকীয়া,মনালিছা শইকীয়া,অনুপম শইকীয়া,পলাশ শইকীয়া,ৰেণু শইকীয়া,মণিৰাম শইকীয়া,জ্যোতিস্মান শইকীয়া আৰু গীতাশ্ৰী বৰা। ইয়াৰে তিনগৰাকী শিশু বুলি জানিব পৰা গৈছে ৷ ইফালে শুকুৰবাৰে জিলা প্ৰশাসনে গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ জনজাতিকৰণৰ দাবীৰে মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.