ETV Bharat / state

নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা

author img

By

Published : Nov 28, 2020, 9:07 PM IST

মন্ত্ৰী কেশৱ মহন্তই ন-সাজেৰে, ন-উদ্যমেৰে দলটোক আগুৱাই নিয়াত সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি লৈ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বৰ্তাই ৰাখি আগুৱাই যোৱাৰ অংগীকাৰ বদ্ধ হোৱাৰ কথা উল্লেখ কৰে ।

নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা
নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা

নাওবৈচা,২৮নৱেম্বৰঃ সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা উজনি অসমৰ একমাত্ৰ সমষ্টি নাওবৈচাত অগপৰ নিৰ্বাচনী ৰণডংকা । দহ সহস্ৰাধিক লোকৰ সন্মূখত অগপ সভাপতি অতুল বৰাৰ উদাত্ত ভাষণ । হিন্দী চিনেমাৰ সংলাপ "য' দৰ গয়া ৱ মৰ গয়া" ৰে ভাষণ আৰম্ভ কৰি নেতা গৰাকীয়ে কয়, আমি ভয় খোৱা মানুহ নহয় । নিৰ্দিষ্টকৈ বংগীয় মূলৰ লোকক উদ্দেশ্য কৰি চালামেৰে আৰম্ভ কৰে ভাষণ । আশী হাজাৰৰো অধিক সংখ্যালঘু মুছলমান ভোটাৰ থকা এই বংগীয় মূলৰ লোক সকলক অনাগত দিনত নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছ এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰে অগপ সভাপতি গৰাকীয়ে ।

নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা
ইপিনে মন্ত্ৰী কেশৱ মহন্তই ন-সাজেৰে, ন-উদ্যমেৰে দলটোক আগুৱাই নিয়াত সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি লৈ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ বৰ্তাই ৰাখি আগুৱাই যোৱাৰ অংগীকাৰ বদ্ধ হোৱাৰ কথা উল্লেখ কৰে । শনিবাৰে আয়োজন কৰা জনজাগৰণ সভাত শিল্পী কল্পনা পাটোৱাৰী, জনশিল্পী মহেন্দ্ৰ হাজৰিকাও উপস্থিত থাকে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল সমূহকো মন্ত্ৰী অতুল বৰাই তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা
নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা

ইফালে অগপ নেতৃত্বৰ আগমনৰ লগে লগেই AASU আৰু জনগোষ্ঠীয় সংগঠনে লালুক বাছ আস্থানত কা বাতিল, মূল্যবৃদ্ধি ৰোধ, বান বিধ্বস্ত কৃষি ভূমিৰ ক্ষতি পূৰণ, ভঙ্গ মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত অগপ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণিভুষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰাৰ উপৰিও কেন্দ্ৰীয় নেতৃত্বক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়কঃ চাপৰত পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.