নাওবৈচা,23মেঃ খিলঞ্জীয়া ভুমিপুত্ৰ হিচাপে গ্ৰাম্য অৰ্থনীতি বিকাশত বিশেষ ভূমিকা পালন কৰি আহিছে নৈ পৰীয়া মিচিং গাহৰি পালক সকলে ৷ কিন্তু এইবাৰ গাহৰি পালকৰ অৱস্থা পানীত হাঁহ নচৰা কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত গাহৰিৰ মৃত্যু হৈ নিশেষ হৈ যাৱলৈ ধৰিছে গ্ৰাম্যাঞ্চল সমূহত ৷ নৈ পৰীয়া মিচিং লোক সকলে গাহৰি পালনৰ দ্বাৰা পৰিয়াল পোহপাল দি অহাৰ লগতে অৰ্থনীতি ক্ষেত্ৰততো বহু গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ কিন্তু আফ্ৰিকান ছোৱাইন ফিভাৰত সেই মিচিং গাঁও সমূহৰ পৰা নিশেষ কৰি পেলালে গাহৰি প্ৰজাতি ৷
বিশেষকৈ নাওবৈচা সমষ্টিৰ ৰঙানদীপৰীয়া মিছিং গাঁও সমূহত। নৈপৰীয়া প্রায় শতাধিক পৰিয়ালে গাহৰি পালনৰ দ্বাৰাই পৰিয়াল পোহপাল দি আহিছিল ৷ সোৱণশিৰীৰ ,ৰঙানদী খহনীয়াত নিজ নিজ ঠিকনা হেৰুৱা এই পৰিয়াল সমূহে শেহতীয়াকৈ নাওবৈচাৰ পকণীয়া সোৱণশিৰি আৰু ৰঙা নদী পাৰত বসৱাস কৰি গাহৰি কুকুৰা পালন কৰিয়েই পৰিয়াল পোহপাল দি আহিছে ৷ দুৰ্ভাগ্যৰ বিষয় এইবাৰ আৰ্ফিকান ছোৱাইন ফিভাৰৰ সংক্ৰমনৰ ফলত গাঁওবোৰত গাহৰি সমূহ মৃত্যু হ’ল ৷ যাৰ বাবে সেই পৰিয়াল সমূহে দিকবিদিক হেৰুৱাই পেলাইছে ৷ সেয়েহে তাৎক্ষণিকভাৱে সেই পৰিয়াল সমূহে মুখ্যমন্ত্ৰী গৰাকীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
লগতে পঢ়কঃ বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা