ETV Bharat / state

North Easts First Aviation Academy: পাইলট প্ৰশিক্ষণৰ বাবে সাজু লখিমপুৰৰ লীলাবাৰী - Pilot training centre Lilabari Lakhimpur

মুকলি হ’ল উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ (North east's first aviation academy)৷ মঙলবাৰে লখিমপুৰৰ লীলাবাৰীত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Minister of Civil Aviation Jyotiraditya Scindia)৷

North Easts First Aviation Academy
পাইলট প্ৰশিক্ষণৰ বাবে সাজু লখিমপুৰৰ লীলাবাৰী
author img

By

Published : Apr 12, 2022, 10:12 PM IST

লখিমপুৰ, ১২এপ্ৰিল: উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয় লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত (North east's first aviation academy)। লখিমপুৰ লীলাবাৰী বিমান বন্দৰত (Lilabari Airport) মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হ’ল বৈমানিক প্ৰশিক্ষণ পাঠ্যক্ৰম ৷ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Minister of Civil Aviation Jyotiraditya Scindia) মঙলবাৰে আনুস্থানিকভাৱে লীলাবাৰী বিমান কোঠত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিটাকাটি শুভাৰম্ভ কৰে বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰটো ৷

পাইলট প্ৰশিক্ষণৰ বাবে সাজু লখিমপুৰৰ লীলাবাৰী

এই উপলক্ষ্যে অনুস্থিত এক সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰত চৰকাৰৰ ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী কিৰন ৰিজিজু উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে, এই পাইলট প্ৰশিক্ষন কেন্দ্ৰটোৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল লাভাম্বিত হব আৰু এই ক্ষেত্ৰত চৰকাৰে বিশেষ সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰিব ৷ তেখেতে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলক বিশেষভাৱে লাভান্বিত কৰিব ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰশিক্ষণ কেন্দ্ৰটোত অধ্যয়নৰ বাবে অহা দৰিদ্ৰ পৰিয়ালৰ কমেও দহগৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাইলট প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব ৷

লগতে পঢ়ক: উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.