ETV Bharat / state

গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ অবিৰত ভাগৱত পাঠৰ আয়োজন - বিহপুৰীয়া আৰু গহপুৰ

গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিবাসীয়ে আয়োজন কৰিছে অবিৰত ভাগৱত পাঠ ৷ বিহপুৰীয়া আৰু গহপুৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ঐক্যবদ্ধ হৈ এই ভাগৱত পাঠৰ আয়োজন কৰিছে ৷

গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ অবিৰত ভাগৱত পাঠৰ আয়োজন

author img

By

Published : Apr 3, 2021, 6:19 PM IST

বিহপুৰীয়া, 3 এপ্ৰিল : ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিবাসীয়ে আয়োজন কৰিছে অবিৰত ভাগৱত পাঠ ৷ বিহপুৰীয়া আৰু গহপুৰ সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ঐক্যবদ্ধ হৈ এই ভাগৱত পাঠৰ আয়োজন কৰিছে ৷

উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি সমষ্টি দুটাৰ অন্তৰ্গত নদীপৰীয়া অঞ্চল সমূহত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। ইতিমধ্যে ঘৰ-বাৰি নদীৰ বুকুত জাহ যোৱাৰ ফলত অঘৰী জীৱন যাপন কৰিব লগীয়া শ শ পৰিয়ালে ।

গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ অবিৰত ভাগৱত পাঠৰ আয়োজন

চৰকাৰ বহুত আহিল; কিন্তু বনপুৰৈ-জামুগুৰিবাসী ৰাইজৰ সমস্যাৰহে পৰিৱৰ্তন নহ'ল। বিগত সময়ছোৱাত বিধায়ক, জলসম্পদ মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলো আহি ৰাইজক খহনীয়া ৰোধৰ বাবে আশ্বাস প্ৰতিশ্ৰুতি দিয়াৰ পাচতো চৰকাৰে ৰোধ কৰিব পৰা নাই গৰাখহনীয়া ৷ চৰকাৰৰ দায়িত্বহীনতাই অশনি সংকেট বহন কৰা বনপুৰৈ-জামুগুৰি বাসীয়ে অৱশেষত নেদেখাজনৰ শৰণাপন্ন হৈছে ৷

লগতে পঢ়ক: 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.