নাওবৈচা, 22 মে’: কৰ’ণাৰ আতংকৰ মাজতে শুকুৰবাৰে লখিমপুৰত পুনৰ আতংকৰ সৃষ্টি কৰিছে নীপকোৱে ৷ নীপকোৰ ৰঙানদী প্ৰকল্পই এৰি দিয়া পানীয়ে বুৰাই পেলাইছে কুৰিৰোধিক গাওঁ ৷ সম্প্ৰতি নীপকো সৃষ্ট বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ মাজত ৷ নৈপৰীয়া পশ্চিম তেলাহীৰ বনগাঁও, জামুগুৰি, যোগীজান, আমতলা, গামচুক, কৰতীপাৰ, মাজৰচাপৰী, পকাদল, শান্তিপুুৰৰ লগতে ডিজুচাপৰিৰ 1নং পাচঁনৈ, 2নং পাচঁনৈ, কুলাবিল আদিকে ধৰি কুৰিৰোধিক গাঁও বুৰাই পেলায় নীপকোৰ পানীয়ে ৷ ইয়াৰোপৰি গাঁওকেইখনৰ মীনপালনৰ লগতে বড়ো ধানৰ খেতি ডুবাই পেলোৱাত কৃষকসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা ।
ইফালে, নীপকোৱে আগতীয়া কোনো জাননী নিদিয়াকৈয়ে ৰঙা নদীত বুকুত অতিৰিক্ত পানী এৰি দিয়াৰ বাবে জাঙুৰ খাই উঠিছে লখিমপুৰৰ দল-সংগঠন ৷ নীপকোৱে আগতীয়াকৈ সংকেত প্ৰদান নকৰাকৈ পানী এৰি দিয়া কাৰ্যৰ পৰা বিৰত থাকিবলৈ সৰ্তক কৰি দিয়ে সংগঠনকেইটাই ৷
লগতে পঢ়ক: সৰ্থেবাৰী ৰাজহ চক্ৰৰ 5টাকৈ স্থানত কোৱাৰেইণ্টাইন চেণ্টাৰ স্থাপন