ETV Bharat / state

Lok Sabha Election 2024 : সমাগত নিৰ্বাচনত বৃহৎ নদীবান্ধে ভেটিব নেকি শাসকীয় দলৰ বিজয়ৰ পথ ? - lakhimpur lok sabha constituency

ৰাইজৰ মনত বিজেপি নেতাৰ পুৰণি প্ৰতিশ্ৰুতি পুনৰ সজীব হৈ পৰিছে । সোৱণশিৰি নদী শুকাই যোৱা ঘটনাই তুমুল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ৰাইজ ক্ষোভিত হৈছে নদীবান্ধ আন্দোলনৰ গইনা লৈ ৰাজপাট দখল কৰি জনস্বাৰ্থৰ প্ৰতি পিঠি দিয়া নেতাসকলৰ ভূমিকাৰ প্ৰতি ।

Etv BharatLok Sabha Election 2024
নিৰ্বাচনত বৃহৎ নদীবান্ধে ভেটিব নেকি শাসকীয় দলৰ বিজয়ৰ পথ ?
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:11 PM IST

Updated : Oct 31, 2023, 10:31 PM IST

নিৰ্বাচনত বৃহৎ নদীবান্ধে ভেটিব নেকি শাসকীয় দলৰ বিজয়ৰ পথ ?

লখিমপুৰ, 31 অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচন । শাসক-বিৰোধী উভয় শিবিৰে শক্তি সঞ্চয় কৰি এখন তয়াময়া যুঁজৰ প্ৰস্তুতি চলাইছে । বিভিন্নধৰণে ৰণকৌশল প্ৰস্তুত কৰি প্ৰতিপক্ষক ধৰাসায়ী কৰাৰ আঁচনি শিবিৰে শিবিৰে যুগুত কৰা হৈছে । শাসকীয় পক্ষই উন্নয়নৰ খতিয়ান লৈ যিদৰে ভোটাৰৰ কাষলৈ যাবলৈ মূল লক্ষ্য লৈছে তেনেদৰে শাসকীয় দলৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙাই দি ৰাইজক শাসকীয় দলৰ প্ৰতি বিমুখ কৰাৰ অস্ত্ৰ তুলি সাজু হৈছে বিৰোধী শিবিৰ ।

বিশেষ কৈ কংগ্ৰেছ, চিপিআই আদিকে ধৰি বিৰোধী দলসমূহে গঠন কৰা বিৰোধী ঐক্যমঞ্চই শাসকীয় দলৰ সৈতে শক্তিশালী ৰূপত এঘড়ী যুঁজাৰ পূৰ্ণ প্ৰস্তুতি কৰিছে । আন সমষ্টিসমূহৰ দৰে লখিমপুৰ লোকসভা সমষ্টিতো দেখা গৈছে একেই দৃশ্যপট । দুটাকৈ কাৰ্যকাল বিজেপিৰ দখলত থকা সমষ্টিটো এইবাৰ কাঢ়ি আনিবলৈ বদ্ধপৰিকৰ হৈছে বিৰোধী ঐক্যমঞ্চ ।

বিৰোধী ঐক্য শিবিৰৰ পৰা সাম্প্ৰতিক সময়ত দুজনকৈ নেতাৰ নাম প্ৰাৰ্থী হিচাবে চৰ্চা চলিছে । ইয়াৰে এজন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু আনজন চিপিআইৰ নেতা অৰূপ কলিতা । সমষ্টিটো শাসকীয় দলৰ পৰা এইবাৰ আঁজুৰি আনিবলৈ বিৰোধী শিবিৰে সৰ্বশক্তি প্ৰয়োগ কৰিব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোৰ পৰা বিৰোধী শিবিৰৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে । বিৰোধী দলসমূহৰ একত্ৰ শক্তিৰে তেওঁ নিৰ্বাচনত জয়লাভ কৰাৰ লক্ষ্যৰে যুঁজত নামিব ।

কিন্তু কিবা কাৰণত ভূপেন বৰাই প্ৰতিদ্বন্দিতা নকৰিলে চিপিআইৰ নেতা অৰূপ কলিতাই বিৰোধী শিবিৰৰ সমৰ্থনেৰে প্ৰতিদ্বন্দিতাত নামিব বুলি জানিব পৰা গৈছে । বিগত সময়ত চিপিআই দলৰ পৰা এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰি তৃতীয় স্থানত থকা অৰূপ কলিতাই ছাত্ৰাৱস্থাৰ পৰাই এক সংগ্ৰামী ধাৰা বৰ্তাই ৰাখিছে ।

চিপিআইৰ দলৰ ভিতৰতো লেখত ল’বলগীয়া স্থান দখল কৰা অৰূপ কলিতাই প্ৰতিদ্বন্দিতা কৰিলে সমষ্টিটোত এখন থৈয়া-নথৈয়া যুঁজ হোৱাটো খাটাং । বিৰোধী শিবিৰৰ এনে তৎপৰতাৰ বিপৰীতে শাসকীয় দলৰ কোনো শক্তিশালী নেতাই এইপৰ্যন্ত সমষ্টিটোত প্ৰাৰ্থীত্বৰ দাবীদাৰৰূপে আত্মপ্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ।

সমষ্টিটোৰ শাসকীয় দলৰ বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাৰ কাৰ্যকালত তেওঁৰ ভূমিকাক লৈ ৰাইজ বহুলাংশে অসন্তুষ্ট । ৰাইজৰ কথা বাদেই খোদ দলীয় কৰ্মীৰ মাজতে তেওঁৰ প্ৰতি অসন্তুষ্টি আছে । শাসকীয় দলে উন্নয়নৰ জয়গান গাই পুনৰ তেওঁকেই প্ৰাৰ্থিত্ব দিলে দলৰ কৰ্মীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু দলীয় কৰ্মীৰ অসন্তুষ্টি দূৰ কৰাৰ আন এখন যুঁজত প্ৰবৃত্ত হ’ব লাগিব শাসকীয় দলটো ।

শাসকীয় দলৰ সন্মুখত শেহতীয়াকৈ আন এক সংকটে গা কৰি উঠিছে । বহু বিতৰ্কিত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শাসকীয় দলৰ বাবে আগন্তুক নিৰ্বাচনত এক প্ৰত্যাহ্বান হৈ পৰাৰ সম্ভাৱনা আছে । নিৰ্মানৰ আৰম্ভণিৰ পৰাই ৰাইজে এই প্ৰকল্প বন্ধৰ দাবী জনাই আহিছে ।

ৰাইজৰ সৈতে সুৰ মিলাই বিগত নিৰ্বাচনৰ আগত বিজেপিৰ ৰাজনাথ সিঙকে ধৰি বাঘা বাঘা নেতাই তেওঁলোক ক্ষমতালৈ আহিলে বৃহৎ নদীবান্ধ বন্ধ কৰিব বুলি ৰাজহুৱা সভাত ঘোষণা কৰি নিৰ্বাচনৰ পাচত ওলোটা খৰ মাৰি বান্ধ লবীৰহে পক্ষ ল’লে । এই বঞ্চনা ৰাইজৰ মনত সজীৱ হৈয়েই আছে ।

তেনে প্ৰেক্ষাপটত শেহতীয়াকৈ বান্ধৰ ফলত সোৱণশিৰি নদী শুকাই যোৱা ঘটনাই তুমুল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ৰাইজৰ মনত বিজেপি নেতাৰ পুৰণি প্ৰতিশ্ৰুতি পুনৰ সজীব হৈ পৰিছে । নিৰ্বাচনৰ আগমুহূর্তত বৃহৎ নদীবান্ধৰ এই ক্ষতিকাৰক দিশ প্ৰত্যক্ষ কৰি ৰাইজ শাসকীয় দলৰ প্ৰতি বিটুষ্ট হৈ উঠিছে । সমানে ক্ষোভিত হৈছে নদীবান্ধ আন্দোলনৰ গইনা লৈ ৰাজপাট দখল কৰি জনস্বাৰ্থৰ প্ৰতি পিঠি দিয়া নেতাসকলৰ ভূমিকাৰ প্ৰতিও ।

তেনে নেতাই এইবাৰ ভোটাৰ ৰাইজৰ মাজলৈ আহিলে এসেকা দিবলৈও ৰাইজ সাজু হৈছে । এনে সামগ্ৰিক ঘটনা প্ৰৱাহৰ বাবে বান্ধে শাসকীয় দলৰ বিজয়ৰ পথ বান্ধিব নেকি বুলি এতিয়া প্ৰশ্ন উঠিছে ।

লগতে পঢ়ক : Impact of NHPC : বিলুপ্তিৰ পথত সোৱণশিৰিৰ আপুৰুগীয়া সোণালী পিঠিয়া মাছ আৰু শিহু

Last Updated : Oct 31, 2023, 10:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.