ETV Bharat / state

গেৰুকামুখ পাহাৰত ভাগিল NHPC য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল - বৃহৎ নদী বান্ধ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণথলী গেৰুকামুখ পাহাৰ কোনো কাৰণতে বৃহৎ নদীবান্ধৰ উপযোগী নহয় বুলি ৰাইজ তথা বিশেষজ্ঞ সমিতিয়ে মত পোষণ কৰি আহিছে (NHPC road breaking at Gerukamukh) । এই কথা সত্য বুলি প্ৰতিপন্ন কৰি ইতিমধ্যে কেইবাটাও ঘটনা সংঘটিত হৈছে । শুকুৰবাৰে কাহিলি পুৱাতে তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটে ।

গেৰুকামুখ পাহাৰত ভাগিল NHPC য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল

author img

By

Published : Sep 16, 2022, 11:34 AM IST

Updated : Sep 16, 2022, 1:30 PM IST

লখিমপুৰ, ১৬ ছেপ্টেম্বৰ : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰ (NHPC Lower Subansiri Dam) ৷ শুকুৰবাৰে পুৱাই ঘটা এক ঘটনাই দিলে এক ভয়ংকৰ বিপদৰ আগজাননী ৷ গেৰুকামুখ পাহাৰত ভাগিল NHPC য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল । ২ নং টানেলৰ ওপৰৰ পথচোৱা ভাঙি সোমাই গ’ল টানেলত (NHPC road breaking at Gerukamukh)৷

মূল বান্ধৰ নিৰ্মাণৰ বাবে এই টানেলেৰে বান্ধত আৱদ্ধ পানীভাগ বোৱাই দিয়া হয় ৷ এই ঘটনাই পুনৰ বিশেষজ্ঞৰ মতামতক প্ৰতিষ্ঠা কৰি প্ৰমাণ কৰিলে বৃহৎ নদী বান্ধৰ বাবে অনুপযোগী গেৰুকামুখৰ পাহাৰ ৷ উল্লেখ্য যে, ভূমিকম্প প্ৰৱণ ভি জ’নৰ অন্তৰ্গত আছে অৰুণাচল ।

গেৰুকামুখ পাহাৰত ভাগিল NHPC য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল

এনে ভূমিকম্প প্ৰৱণ এলেকাৰ উপৰি অতি থুনুকা বুলি চিনাক্ত হোৱা গেৰুকামুখৰ পাহাৰত নিৰ্মাণ কৰা হৈছে এচিয়াৰ ভিতৰতে অন্যতম বৃহৎ দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । ৰাইজ তথা বিশেষজ্ঞ সমিতিয়ে থুনুকা পাহাৰ, ভূমিকম্প প্ৰৱণ এলেকা হোৱা বাবে প্ৰকল্পটো নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে ।

লগতে পঢ়ক : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

এটা দশকৰো অধিক কাল চলি আছে প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against NHPC project) । মাজতে প্ৰকল্পটোৰ নিৰ্মাণ ত স্থবিৰতা আহিছিল যদিও বৰ্তমানৰ চৰকাৰৰ উদ্যোগত প্ৰকল্পটোৰ নিৰ্মাণ অন্তিম পৰ্যায় পাইছে । থুনুকা পাহাৰত নিৰ্মাণ কৰা এই প্ৰকল্পটো ভূমিকম্পত ভাগি অদূৰ ভৱিষ্যতে উত্তৰ অসমক মহাসাগৰত পৰিণত কৰিব বুলি ৰাইজ তথা বিভিন্ন দল সংগঠনে জনাই অহা প্ৰতিবাদৰ সত্যতা প্ৰকাশ ঘটিছে নিৰ্মাণ কালতেই ।

নিৰ্মাণ কৰি থকা সময়তে প্ৰকল্পটোত পাহাৰ খহি পৰা, পথ খহি পৰা, দেৱাল খহি পৰা আদি বিভিন্ন ঘটনা ঘটিব ধৰিছে । থুনুকা পাহাৰত যে, বৃহৎ নদাবান্ধ সুৰক্ষিত নহয় সেই কথা বাৰম্বাৰ প্ৰমাণ হৈ গৈছে । আজি পুৱা তেনে ঘটনাৰ পুনৰাবৃত্তিয়ে পুনৰবাৰ ৰাইজক এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিয়ে ।

ইমানৰ পাচতো চৰকাৰ অথবা এন এইচ পি চিয়ে জনমতক আওকাণ কৰি প্ৰকল্পটো নিৰ্মাণত উঠিপৰি লাগিছে । নতুন বছৰটোৰ আৰম্ভণিতে উত্তৰ অসমৰ বাবে মৃত্যুদূত স্বৰূপ এই বৃহৎ জলবোমাটো সচল কৰিবলৈ তৎপৰতাৰে কাম কৰি থকা হৈছে । ইয়াৰ পৰা ৰাইজে কেনেদৰে পৰিত্ৰাণ পাব সেইয়া ৰাইজৰ সন্মুখত উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক : দিনে-ৰাতিয়ে চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম

Last Updated : Sep 16, 2022, 1:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.