ETV Bharat / state

New Mising Film Talig : ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি লাভ মিচিং ছবি "তলিগ"ৰ

author img

By

Published : Dec 26, 2021, 4:36 PM IST

মিচিং ৰাইজৰ বাবে সু-খবৰ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাক ক্ষণত মুক্তি লাভ কৰিলে মিচিং ভাষাৰ ছবি "তলিগ"এ ৷

talig a mising film
ভোগালী বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ মিচিং ছবি "তলিগ"

লখিমপুৰ, 26 ডিচেম্বৰ : লখিমপুৰত শুভ মুক্তি দিয়া হয় মিচিং ভাষাৰ ছবি "তলিগ" ৷ ত্যাগৰ প্ৰতিফলনেৰে প্ৰেম, ৰোমাঞ্চ, হৰ্ষ, বিষাদৰ এক নিটোল কাহিনীৰে নিৰ্মিত মনোৰঞ্জন ধৰ্মী "তলিগ" মিচিং ভাষাৰ এখন পূৰ্ণদৈঘ্যৰ কথাছবি (Talig a mising film released before New Year) ৷

লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ফিটা কাটি ছবি খনৰ শুভাৰম্ভণি কৰে ললিত পায়েঙে (Talig a mising film released in lakhimpur) ৷ এম টি ফিল্মছৰ বেনাৰত প্ৰথম বাৰৰ বাবে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰাজু মেদকে ৷ কাহিনী, চিত্ৰনাট্য ভাস্কৰজিত নৰহৰ ৷ মিনাৰাম টাইডে প্ৰযোজনা কৰা ছবিখন সংগীতেৰে সজাইছে এছ এন পেগুৱে ৷ কন্ঠদান কৰিছে জেমছ এছ দলে, কিশোৰ কুমাৰ টাইড আৰু সঞ্জীব মিগমে ৷

ন-পুৰণি তথা একাংশ প্ৰতিষ্ঠিত শিল্পীৰ মন পৰশা অভিনয় সমৃদ্ধ ছবিখনক আঁকোৱালি ল’বলৈ ৰাইজলৈ আহ্বান জনাইছে প্ৰযোজক গৰাকীয়ে ৷ ছবিখন পৰ্যায় ক্ৰমে গাঁৱে-ভূঞে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে ৷ দৰ্শকে প্ৰেক্ষাগৃহত ছবিখন উপভোগ কৰি প্ৰযোজক পৰিচালকৰ শলাগ লয় ৷

লগতে পঢ়ক: Sushmita Sen confirms breakup : সুস্মিতা-ৰোহমাানৰ প্ৰেম কাহিনীৰ যৱনিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.