লখিমপুৰ, ১ অক্টোবৰ: শেহতীয়াকৈ অসমীয়া ছবিজগতলৈ আহিছে এটাৰ পিচত আনটো ভাল খবৰ ৷ কিয়নো ইখনৰ পাছত সিখন নতুন ছবিয়ে মুক্তি লাভ কৰিছে ছবিগৃহত ৷ যোৱা 22 ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল ৰীমা দাসৰ ‘তৰাছ হাজবেণ্ড’ ৷ এতিয়া অহা 6 অক্টোবৰত ছবিগৃহত মুকলি হ’ব এখন নহয়, দুখনকৈ অসমীয়া ছবি ৷ এখন হৈছে ‘মমতাৰ চিঠি’, আন এখন হৈছে ‘এটি নক্ষত্ৰ’ ৷
‘এটি নক্ষত্ৰ’ ছবিখন হ’ব এখন মনোৰঞ্জন ধৰ্মী, ৰহস্যঘন, তথা পৰিয়ালৰ সকলো সদস্যই উপভোগ কৰিব পৰা ছবি ৷ এই ছবিখন HYPE এন্টাৰটেইনমেন্টৰ প্ৰথম নিবেদন ৷ HYPE এন্টাৰটেইনমেন্টৰ এয়া প্ৰথম নিবেদন যদিও ছবিখনৰ প্ৰায়বোৰ শিল্পীয়েই পুৰণি প্ৰতিষ্ঠিত । ৰূদ্ৰজিৎ মজুমদাৰৰ চিত্ৰনাট্য, পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত কৰা হৈছে ছবিখন ৷ আনহাতে ছবিখনৰ সংগীত বিকাশ বৰুৱাৰ । ছবিখনৰ গীতত নিজৰ কণ্ঠ নিগৰাইছে ৰূপম ভূঞা আৰু প্ৰণামিকা গোস্বামীয়ে ।
পৰিয়ালকেন্দ্ৰীক অপৰাধমূলক, সামাজিক কাহিনীৰ ওপৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰচাৰত সম্প্ৰতি ব্যস্ত ছবিখনৰ সকলো সদস্য ৷ জোৰদাৰ গতিত চলিছে ছবিখনৰ প্ৰচাৰ । দেওবাৰে লখিমপুৰৰ নক্ষত্ৰ চিনেমাত উপস্থিত হৈ ছবিখনৰ পৰিচালক ৰূদ্ৰজিৎ মজুমদাৰ, শিল্পী তপজিৎ দত্ত বৰা, উদ্ধব নেওগ আদিয়ে ছবিখনৰ প্ৰচাৰ চলায় । তেওঁলোকে সকলোধৰণৰ মনোৰঞ্জনেৰে ভৰপূৰ আৰু পৰিয়ালৰ সকলোৰে উপভোগ্য এই ছবিখন চাবলৈ অসমৰ ৰাইজক আহ্বান জনায় ।
‘এটি নক্ষত্ৰ’ ছবিখনত অভিনয় কৰিছে ৰীণা বৰা, বিষ্ণু খাৰঘৰীয়া, সুৰেণ মহন্ত, ৰুদ্ৰজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, মিন্টু বৰুৱা, গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, পংকজ পূজাৰী, অৰ্চনা পূজাৰী, লিপিকা বৰা মেধিকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই ছবিখন বহিঃৰাজ্যতো মুকলি কৰা হ’ব ৷ যিহেতু কৰ্ম সংস্থাপনত বহু লোক অসমৰ পৰা বাহিৰত থাকিবলগীয়া হয়, যাৰ ফলত অসমীয়া ছবি উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় ৷ সেয়েহে, ছবিখনৰ নিৰ্মাতাই এই কথাৰ প্ৰতি লক্ষ্য ছবিখন বহিঃৰাজ্যতো মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৷
লগতে পঢ়ক: Upcoming Assamese film raghav:মুকলি কৰা হ’ল ৰাঘৱ ছবিখনৰ মা অ মা শীৰ্ষক গীতটিৰ ভিডিঅ’