বিহপুৰীয়া, ৯অক্টোবৰ : নাৰায়ণপুৰৰ শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে সচেতন যুৱ মঞ্চই । পুত্ৰ আৰু স্বামীৰ সৈতে লগ গৈ অবাধ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ সভানেত্ৰী শিখামণি বৰকাকতীৰ বিৰুদ্ধে।
এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ লগতে আচঁনিৰ অধিকাংশ কাম নিজৰ লগতে পুত্ৰ আৰু স্বামীৰ দ্বাৰা কৰোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজৰ লগতে স্থানীয় দল-সংগঠন । শুক্ৰবাৰে সচেতন যুৱ মঞ্চই পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰু সভানেত্ৰীগৰাকীক তীব্ৰ বাক্যবাণেৰে জবাবদিহি কৰে ৷
ইয়াৰ পূৰ্বে শিমলুগুৰি পঞ্চায়তৰ বি জে পি দলৰ সভানেত্ৰীগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে নিজ দলৰে আঞ্চলিক সদস্যা আৰু দলীয় কৰ্মীসকলে খণ্ড উন্নয়ণ বিষয়াক অভিযোগ দিছিল । এতিয়া সভানেত্ৰী শিখামণি বৰকাকতীৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । জনতাৰ হিতৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ কামত দুৰ্নীতি সংঘটিত কৰাত শিমলুগুৰিবাসী ক্ষুদ্ধ হৈ পৰিছে ।
লগতে পঢ়ক:দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ