ETV Bharat / state

শাৰীৰিক পীড়াত চটফটাইছে নাৰায়ণপুৰৰ ধৰিত্ৰীয়ে

author img

By

Published : Oct 7, 2022, 1:58 PM IST

নাৰায়ণপুৰৰ এটা পৰিয়ালৰ কৰুণ জীৱন গাঁথা ৷ সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ বয়সতে নাৰায়ণপুৰৰ এগৰাকী কিশোৰী আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰ ৰোগত (Narayanpur Girl need help for treatment) ৷ উপায়ন্তৰ হৈ কিশোৰীগৰাকীৰ আত্মীয়ই এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰা সহায়ৰ হাত বিচৰিছে ৷

Narayanpur Girl need help for treatment
শাৰীৰিক পীড়াত চটফটাইছে নাৰায়ণপুৰৰ ধৰিত্ৰীয়ে

বিহপুৰীয়া, 7 অক্টোবৰ : এগৰাকী ৰুগীয়া কিশোৰীৰ অশ্ৰুসিক্ত নয়ন ৷ কান্দিছে মাথো কান্দিছে ৷ ভালদৰে প্ৰকাশো কৰিব নোৱাৰে তাইৰ শাৰীৰিক পীড়া ৷ সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ বয়সত থাকিব লগা পৰিছে কেৱল বিচনাত শুই ৷ কাৰণ কিশোৰীগৰাকী বিগত কেইবছৰ ধৰি আক্ৰান্ত হৈ আছে ব্ৰেইন টিউমাৰ ৰোগত (Narayanpur Girl need help for treatment) ৷

উপায়ন্তৰ হৈ এতিয়া কান্দি কান্দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সহায়ৰ হাত বিচৰিছে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে (Narayanpur girl need help) ৷ এই ৰুগীয়া কিশোৰীগৰাকী হৈছে নাৰায়ণপুৰৰ শিমলুগুৰিৰ 2 নং নিমুৰীৰ নিবাসী ৰমেন গগৈ আৰু জানমণি গগৈৰ কন্যা ধৰিত্ৰী গগৈ ৷ জানিব পৰা মতে, জটিল ৰোগত আক্ৰান্ত কিশোৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ৷

জানিব পৰা মতে, ধৰিত্ৰী যোৱা চাৰি বছৰৰ পৰা আক্ৰান্ত হৈ আছে ব্ৰেইন টিউমাৰত ।

লগতে পঢ়ক : বেবীক সহায়ৰ বাবে আগবাঢ়ি আহিবনে কোনো সদাশয় ব্যক্তি ?

বিদ্যালয়ৰ পৰা উভতি আহি প্ৰত্যেক দিনাই মূৰৰ কামোৰণিত চটফটাই থাকে ধৰিত্ৰী । সেই সময়ত মাক দেউতাকে খেলা ধূলা কৰাৰ বাবে ধৰিত্ৰীৰ মূৰৰ কামোৰণি হৈছে বুলি ভাবি পৰামৰ্শ লোৱা নাছিল চিকিৎসকৰ । কিন্তু যোৱা অলপ দিনৰ পৰা ক্ৰমাৎ বৃদ্ধি হৈ আহিল কিশোৰীগৰাকীৰ মূৰৰ কামোৰণি ।

ক্ৰমাৎ ধৰিত্ৰীৰ স্বাস্থ্য অৱনতি ঘটাত কিশোৰীগৰাকীক লৈ যোৱা হয় ডিব্ৰুগড়লৈ ৷ তাৰ পাচত ডিব্ৰুগড়ত ডাক্তৰৰ পৰামৰ্শ লোৱাত ধৰা পৰে ধৰিত্ৰীৰ ব্ৰেইন টিউমাৰ হোৱাৰ বিষয়ে ৷ চিকিৎসকৰ পৰা এই কথা অৱগত হোৱাৰ পাচেতই যেন সৰগ ভাঙি পৰে ধৰিত্ৰীৰ পিতৃ মাতৃৰ মূৰত ৷ এক প্ৰকাৰে বৰ্তমান উপায়হীন হৈ পৰিছে এই পৰিয়ালটো ।

ডাক্তৰৰ পৰামৰ্শ মতে, ধৰিত্ৰীক এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ । এতিয়া ধৰিত্ৰীৰ এই দুৰ্ভগীয়া পৰিয়ালটিক প্ৰয়োজন এক বুজন পৰিমাণৰ ধন ৷ আৰ্থিকভাৱে অসমৰ্থ পৰিয়ালটোৰ বাবে ইমান টকা গোটোৱাতো এতিয়া কঠিন হৈ পৰিছে ৷ উপায়ন্তৰ হৈ পৰিয়ালটিয়ে এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অশ্ৰুসিক্ত নয়নেৰে সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : শোকত ম্ৰিয়মান তেজস্বিতাৰ সহপাঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.