ETV Bharat / state

নক্সা অবিহনেই নাৰায়ণপুৰত স্থাপন হ'ল টাউন হলৰ আধাৰশিলা

author img

By

Published : Feb 20, 2021, 8:30 PM IST

গড়কাপ্তানি বিভাগে বৰ্তমানলৈকে নতুনকৈ নিৰ্মাণ হ'ব লগা টাউন হলটোৰ সম্পূৰ্ণ নক্সা ৰাজহুৱা নকৰাত নাৰায়ণপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নক্সা অবিহনে স্থাপন কৰা এই আধাৰশিলাক সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ৰাজনৈতিক তৎপৰতা বুলি অভিহিত কৰিছে একাংশ ৰাইজে ৷

MP PALLAV LOCHAN DAS LAID FOUNDATION OF TOWN HALL IN NARAYANPUR
নক্সা অবিহনেই নাৰায়ণপুৰত স্থাপন হ'ল টাউন হলৰ আধাৰশিলা

লখিমপুৰ, 20 ফেব্ৰুৱাৰী : তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত এটা টাউন হলৰ আধাৰশিলা স্থাপন কৰে ৷ পঞ্চম বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত ৬ কোটি ৩১ লাখ টকাৰে নিৰ্মান হ'বলগীয়া প্ৰয়োজনীয় সকলো সা-সুবিধা সম্পন্ন অত্যাধুনিক টাউন হলটো নিৰ্মাণ সম্পূৰ্ণ হ’লে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ হ’ব বুলি আশা কৰা হৈছে । টাউন হলটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা, সমাজকৰ্মী অচ্যুত শইকীয়া, বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী, ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নবী সোণোৱাল, নাৰায়ণপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হৰিশ চন্দক, নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাৰ লগতে নাৰায়ণপুৰ অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে ৷

উল্লেখ্য যে, নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত বাণীসংঘৰ নিজা ভূমিত নিৰ্মাণ হ'ব লগীয়া টাউন হলটোৰ প্ৰয়োজনীয় অতিৰিক্ত ভূমি নাৰায়ণপুৰৰ স্থানীয় ব্যক্তি ক্ষীৰোদ বৰুৱাই দান কৰাৰ কথা উক্ত অনুষ্ঠানতে ঘোষণা কৰা হয় ৷ ইফালে বৰ্তমানলৈকে গড়কাপ্তানি বিভাগে নতুনকৈ নিৰ্মাণ হ'ব লগা টাউন হলটোৰ সম্পূৰ্ণ নক্সা ৰাজহুৱা নকৰাত নাৰায়ণপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নক্সা অবিহনে স্থাপন কৰা এই আধাৰশিলাক সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ৰাজনৈতিক তৎপৰতা বুলি অভিহিত কৰিছে একাংশ ৰাইজে ৷

লগতে পঢ়ক : মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.