ETV Bharat / state

বানপানীৰ ৰক্ষাকৱচ নাই; প্ৰদানক প্ৰত্য়ুত্তৰ দিব ৰাইজে - MP Pradan Barua

বাৰিষা কাল সমাগত হৈ অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে নাওবৈচাৰ শিঙৰা নৈৰ সমীপৰ দহখনৰো অধিক গাঁওৰ ৰাইজ

শিঙৰা নৈৰ মথাউৰি
author img

By

Published : Feb 27, 2019, 1:58 PM IST

নাওবৈচা, ২৭ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ বানবিধ্বস্ত নাওবৈচাত আজিও নিৰ্মাণ হৈ নুঠিল বানপানীত বিধ্বস্ত হোৱা মাথাউৰি । সাংসদ প্ৰদান বৰুৱাৰ সমষ্টিৰ প্ৰায় ১০খনকৈ গাঁওৰ ৰক্ষাকৱচ শিঙৰা নৈৰ মথাউৰি আজিও উন্মুক্ত হৈয়ে পৰি ৰৈছে ।

বাৰিষা কাল সমাগত হৈ অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে নাওবৈচাৰ শিঙৰা নৈৰ সমীপৰ দহখনৰো অধিক গাঁওৰ ৰাইজ । ২০১৭ চনৰ প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা মাথাউৰিটো সাংসদীয় পূঁজিৰে নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সাংসদ প্ৰদান বৰুৱাই । বিভিন্ন সভা-সমিতিত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে ঘোষণা কৰিছিল এই কথা । কিন্তু বৰ্তমানে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হোৱা সাংসদগৰাকীয়ে আজি পৰ্যন্ত ৰূপায়ন কৰিব নোৱাৰিলে নিজৰ মুখৰ কথা ।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ কামত ব্যস্ত থকা সাংসদগৰাকীয়ে বৰ্তমানে পাহৰি গৈছে নিজে প্ৰদান কৰা প্ৰতিশ্ৰুতি । প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো নিৰ্মাণ নোহোৱাৰ ফলত এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

etvbharat
শিঙৰা নৈৰ মথাউৰি

বাৰিষা সমাগত হৈ অহাৰ লগতে চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন । এইবাৰ নিৰ্বাচনত ভোট খুজিবলৈ আহিলে সাংসদগৰাকীক এই কামৰ বাবে উচিত প্ৰত্য়ুত্তৰ প্ৰদান কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে । কেন্দ্ৰ তথা ৰাজ্যত নিজ দলৰ চৰকাৰ থকাৰ পাচটো এইদৰে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিও এইদৰে বিপদৰ মুখলৈ থেলি দিয়া বিজেপি সাংসদগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্য়ুত্তৰ লাভ কৰিব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

Intro:২০১৭ চনৰ প্ৰলংকাৰী বানপানী য়ে ধ্বংস কৰা এটা বৃহৎ আঞ্চল। ২ টা বছৰ উকলি গ'ল কিন্তু আজি পৰ্যন্ত উন্মুক্ত হৈ থাকিল প্ৰায়১০ খন গাৱৰ ৰক্ষাকৱচ স্বৰূপে লখিমপুৰ নাওবৈচা ৰ শিঙৰা নৈৰ মঠাউৰী।

Body:GFX: সমাগত বাৰিষা
GFX: চিন্তিত লখিমপুৰ নাওবৈচা ৰ জনসাধাৰণ
GFX: প্ৰতিশ্ৰুতি পুৰণত ব্যৰ্থ সাংসদ প্ৰদান বৰুৱাক পহু খেদা দিয়াৰ হুংকাৰ ৰাইজৰ।
কাৰণ
সাংসদ পূজিৰে উন্মুক্ত মঠাউৰী নিৰ্মাণ ৰ প্ৰতিশ্ৰুতি দিও আজি পৰ্যন্ত আচনি ৰুপায়ণ নকৰিলে লখিমপুৰ সাংসদ প্ৰদান বৰুৱাই। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহাত নাওবৈচাৰ ১০ খনৰো অধিক গাৱৰ ৰাইজ এতিয়া চিন্তিত কাৰণ বাৰিষা ফেনে ফুটোকাৰে বাঢ়ি অহা শিঙৰা নদীয়ে এইবাৰো সকলো বুৰাই পেলাপ । পানীৰ তল যাব ঘৰ মাটি সকলো। ৰাইজে বিচাৰিচিল সাংসদ প্ৰদান বৰুৱাই পদক্ষেপ লৈ সম্পূৰ্ণ কৰক আধৰুৱা হৈ থকা ২ কি মি দৈঘ্যৰ মঠাউৰী আস্বাসো দিচিল প্ৰদান বৰুৱা ই কিন্তু পুণৰ এতিয়া লোকসভা নিৰ্বাচন পালেহি হৈ নুঠিল আধৰুৱা মঠাউৰীটো। সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে এতিয়া ক্ষোভিত নাওবৈচা ৰাইজ।
byte:
বহু আনুনয় বিনোনয়েও ফল নধৰিল ৰাইজৰ ৰাইজক আশাত বন্দী কৰি সাংসদ প্ৰদান বৰুৱা এতিয়া পূৰণ নামিছে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাত। কিন্তু ৰাইজে এইবাৰ সংকল্প বদ্ধ । ভোট বিচাৰি আহিলেই দিব উচ্চিত প্ৰত্যুত্তৰ।
Byte:

Conclusion:ৰাইজৰ দাবী উন্মুক্ত মঠাউৰী নিৰ্মানৰ ক্ষেত্ৰৰ লোকসভা নিৰ্বাচনৰ আধিসোচনা যাৰি হোৱাৰ পুৰ্বে সাংসদ প্ৰদান বৰুৱাই পূৰ্ণ কৰক পূৰ্বছ ৰাইজক দিয়া প্ৰতিশ্ৰুতি।অন্যথা বৃহৎ আঞ্চলৰ ৰাইজে বৰ্জন কৰিব সোকসভা নিৰ্বাচন।

লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.