ETV Bharat / state

শিঙৰা নদীৰ বানত বিধস্ত দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁও

author img

By

Published : Jun 5, 2021, 4:38 PM IST

ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে নাওবৈচা শিঙৰা নৈৰ বঢ়নি পানীয়ে ৷ ইয়াৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁৱৰ ৰাইজে ৷

south nowboicha affected by singra river floods
নাওবৈচাত শিঙৰা নদীৰ বান পৰিস্থিতি জটিল ৰূপ:

নাওবৈচা, ৪ জুন : লখিমপুৰ জিলা গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা এসপ্তাহে দি থকা ধাৰাসাৰ বৰষুণৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে ওফন্দি অহাত নাওবৈচাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । নদীখনৰ বাহনিপানীয়ে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, শিঙৰা গাঁৱৰ সমীপত থকা মথাউৰিৰে অহৰহ পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং, বৰপথাৰ, চেঙেলীজান, আহুমণি, শিঙৰা গাঁও, গৰছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ৩০ খনতকৈ অধিক গাঁও জলমগ্ন হৈছে ৷ যাৰ ফলত জনসাধাৰণৰ মাজত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷

শিঙৰা নদীৰ বানত বিধস্ত দক্ষিণ নাওবৈচাৰ ৩০ খনতকৈ অধিক গাঁও

শিঙৰা গাঁৱৰ সমীপত থকা মথাউৰিটো নিৰ্মাণৰ বাবে ৰাইজে যোৱা পাঁচ-ছয় বছৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাকে ধৰি বহু আন্দোলনৰ কৰিছিল যদিও চৰকাৰ তথা জিলা প্ৰশাসনে মথাউৰিটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ ফলত শিঙৰা নদীৰ বানত হাহাকাৰ কৰিবলগীয়া হৈছে নাওবৈচাৰ ৰাইজে ৷

নৈখনৰ বাঢ়নি পানীয়ে পহুমৰা পকণীয়া সংযোগী গড়কাপ্তানি পথৰ গোসাঁনীবাৰী আৰু গেলাহাটী অংশত একাঠু পৰ্যন্ত ডুবাই ৰখাত পথটোৰে বৰ্তমান যাতায়ত বন্ধ হৈ পৰিছে । গাঁও দুখনৰ ৰাইজে এতিয়া নাঁৱেৰে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে।

ইফালে অঞ্চলটোত বান হোৱা এসপ্তাহ পাৰ হৈ যোৱাৰ পাচতো জিলা প্ৰশাসনৰ লোকে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ অঞ্চলটোৰ ৩০ খনতকৈ অধিক গাঁৱৰ জনসাধাৰণৰ অন্ন-বস্ত্ৰ-বাসস্থান পানীৰ তলত ডুব যোৱাৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সম্মুখীন হৈছে ৷ কেৱল জনসাধাৰণেই নহয় ওখ ঠাইত আশ্ৰয় লৈ থকা গৰু-ছাগলী, গাহৰি আদি জীৱকুলেও খাদ্যৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে।

লগতে পঢ়ক: থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.