ETV Bharat / state

জোনমণি ৰাভা প্ৰসংগত এইবাৰ মুখ খুলিছে বিধায়ক অমিয় ভূঞাই - টেলিফোন টেপ

কেইমাহমানৰ পূৰ্বে বিধায়ক ড৹ অমিয় ভূঞাৰ এটা টেলিফোন টেপ ৰাজহুৱা কৰি ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছিল জোনমণি ৰাভাই ৷ গতিকে এইবাৰ মুখ খুলিছে বিধায়কগৰাকীয়ে (MLA Amiyo Bhuyan react on Jonmoni Rabha) ৷

MLA Amiyo Kumar Bhuyan
জোনমণি ৰাভা প্ৰসংগত এইবাৰ মুখ খুলিছে বিধায়ক অমিয় ভূঞাই
author img

By

Published : May 16, 2022, 4:12 PM IST

বিহপুৰীয়া, 16 মে': হ'বলগীয়া স্বামীৰ লগ লাগি বিভিন্নজনক প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি বিতৰ্কিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভা (SI Jonmoni Rabha) সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (MLA Amiyo Kumar Bhuyan)। স্মৰ্তব্য যে কেইমাহমানৰ পূৰ্বে বিধায়ক ড৹ ভূঞাৰ এটা টেলিফোন টেপ ৰাজহুৱা কৰি ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছিল জোনমণি ৰাভাই ৷ গতিকে এইবাৰ সুযোগ এৰিব খোজা নাই বিধায়কগৰাকীয়ে ৷

জোনমণি ৰাভা প্ৰসংগত এইবাৰ মুখ খুলিছে বিধায়ক অমিয় ভূঞাই

সোমবাৰে সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয় যে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা নীতি শিক্ষা লোৱাত তেওঁৰ আপত্তি নাই ৷ কিন্তু জোনমণি ৰাভা কোন স্থানত আৰু বিধায়কগৰাকী কোন স্থানত বুলিও মন্তব্য কৰে ড৹ অমিয় কুমাৰ ভূঞাই ৷ নিজকে সামাজিক আৰু শৈক্ষিক দুয়োটা দিশৰে পৰাই বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীতকৈ বহু আগত বুলি দাবী কৰে বিধায়কগৰাকীয়ে (MLA Amiyo Bhuyan react on Jonmoni Rabha)।

লগতে তেওঁ জোনমণি ৰাভাৰ দৰে আৰক্ষী বিষয়াৰ পৰা নীতিশিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই বুলিও কয় । আইনৰ ৰক্ষকে যদি আইন ভংগ কৰে, তেনে ব্যক্তিক জেললৈ প্ৰেৰণ কৰিব লাগে বুলি মন্তব্য কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.