বিহপুৰীয়া, 30 অক্টোবৰ : ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)৷ উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিৰোধী দলসমূহৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও ৰাজ্যৰ পৰিষদীয় সমষ্টিসমূহত ব্যাপক প্ৰচাৰ চলাইছে ।
শেহতীয়াকৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত দেউৰী স্বায়িত্ব শাসিত পৰিষদীয়(Deori Autonomous Council) সমষ্টিসমূহত মন্ত্ৰী পিয়ুষ হাজৰিকাই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ দেওবাৰে স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই(MLA Amiya Kumar Bhuyan) ১৭ নং কাচিকতা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী উত্তম দেউৰীৰ হৈ পৰিষদীয় সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায় ।
বিধায়কগৰাকীয়ে কেইবাটাও স্থানত নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে ৷ কাৰ্যালয় উন্মোচন কৰি বিধায়কগৰাকীয়ে উত্তম দেউৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । ইফালে বিহপুৰীয়া বিধান সভা সমষ্টিৰ(Bihpuria constituency) অন্তৰ্গত পাঁচটা পৰিষদীয় সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে মন্তব্য কৰে (Amiya Bhuyan on DAC election)।
উল্লখ্য যে, পৰিষদীয় সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াৱা উত্তম দেউৰী দেউৰী জনগোষ্ঠীৰ একমাত্ৰ ৰাজনৈতিক দল জিমাচায়া (দেউৰী) পিপুলচ পাৰ্টীৰ(Jimochayan Peoples Party) প্ৰতিষ্ঠাপক আছিল ।
ইফালে শাসকীয় দল বিজেপিয়ে পৰিষদৰ অন্তৰ্গত ২২ টা পৰিষদীয় সমষ্টিতে ব্যাপক প্ৰচাৰ চলাইছে । লখিমপুৰ জিলাৰ লালুকৰ ২১ নং গাভৰু টুনীজান পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰমা দেউৰী, বিহপুৰীয়াৰ ২০ নং বঙালমৰা সমষ্টিৰ প্ৰাৰ্থী প্ৰফুল্ল দেউৰী, ১৬ নং বাঁহগড়া সমষ্টিৰ প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika election campaign in Lakhimpur) ।
শাসকীয় বিজেপিৰ পৰা কংগ্রেছ, আপ আদি দলৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । লখিমপুৰ জিলাত থকা পৰিষদখনৰ সাতটা সমষ্টিৰ মাথো তিনিটাতহে বিৰোধী দল কংগ্রেছে প্ৰাৰ্থী দিয়াৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক : Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ