ETV Bharat / state

Akhil Gogoi: 2024ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সকলো দম্ভ, অহংকাৰ শেষ হ’ব; অখিল গগৈ - জয়ন্ত মল্ল বৰুৱা

বিহপুৰীয়াত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৷ ঋণ লৈ চৰকাৰে অসমখনক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য ৷

Akhil Gogoi
Akhil Gogoi
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 3:57 PM IST

বিহপুৰীয়াত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ

বিহপুৰীয়া, 30 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰীকাৰ গৰ্ব, অহংকাৰে চৰমসীমা অতিক্ৰম কৰিছে ৷ সৰু সৰু কেইটামান হিতাধিকাৰী আচঁনি প্ৰস্তুত কৰি অসমখনক কিনি ললো বুলি ভাবি লৈছে এইসকল নেতাই ৷ বিহপুৰীয়াত উপস্থিত হৈ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷

মন্ত্ৰী পীযুষ হাজৰীকাই আৰু 10-15 বছৰলৈ অসমত বিজেপি চৰকাৰ থাকিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনতে তেওঁলোকৰ দম্ভ, অহংকাৰ শেষ হৈ যাব বুলিও ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

“যোৱা চাৰে সাতটা বছৰত অসমত যিমান নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছে । বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু যদি ক’ৰবাত উপ-নিৰ্বাচন হৈছে, কাউঞ্চিলৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হৈছে, প্ৰত্যেকটো নিৰ্বাচনতে আমি জিকিছো । আৰু অনাগত সময়ত অন্ততঃ ১০-১৫ বছৰ আৰু বেলেগ কোনো পাৰ্টীয়ে জিকিব নোৱাৰে । আমিয়েই জিকিম, আমাৰ মিত্ৰজোঁট জিকিব,” এই মন্তব্য কৰিছিল মন্ত্ৰী পীযুষ হাজৰীকাই ।

অসম চৰকাৰে ব্যাপক হাৰত ঋণ লোৱাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷ বিধায়ক গগৈয়ে কয় যে ৰাজ্য চৰকাৰখনে সঘনাই ঋণ লৈ এক প্ৰকাৰে অসমখনক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে এতিয়া লুন্ঠন চলাইছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ বিৰোধী দলসমূহ একত্ৰিত হৈ বিজেপি আৰু AIUDF দলক পৰাস্ত কৰি গৰিষ্ঠ সংখ্যক আসন লাভ কৰিম বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

উল্লেখ্য যে শনিবাৰে বিহপুৰীয়াত ৰাইজৰ দলৰ এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক: Pijush Hazarika: ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.