ETV Bharat / state

Porag festival in Lakhimpur: লখিমপুৰৰ শিঙৰী গাঁৱত পঃৰাগ উৎসৱ উদযাপন - Porag festival celebrated in Lakhimpur

লখিমপুৰৰ শিঙৰী গাঁৱত বসন্ত নামিছে । মিচিং সমাজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰে মুখৰিত হৈছে গাঁওখনৰ পৰিৱেশ । পঃৰাগ উৎসৱ উপলক্ষে শিঙৰী গাঁৱত সৃষ্টি হৈছে এক জাকজমকীয়া পৰিৱেশ (Porag festival celebrated in Lakhimpur) ।

Pasraag festival celebrated in Singri village of Lakhimpur
লখিমপুৰৰ শিঙৰী গাঁৱত পঃৰাগ উৎসৱ উদযাপন
author img

By

Published : Mar 14, 2023, 2:51 PM IST

লখিমপুৰৰ শিঙৰী গাঁৱত পঃৰাগ উৎসৱ উদযাপন

লখিমপুৰ,১৪ মাৰ্চ: অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ আছে সুকীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয় । চহকী সাংস্কৃতিৰে ভৰপুৰ মিচিংসকলৰ ৰহনীয়া সংস্কৃতিয়ে সমৃদ্ধ কৰিছে বৃহত্তৰ অসমীয়া জাতিক (Porag festival in Lakhimpur) । মিচিং সমাজৰ পৰম্পৰাগত ৰীতিনীতি, কৃষ্টি-সংস্কৃতি চালে চকু ৰোৱা (Mising people celebrating Porag festival) । তেওঁলোকৰ উৎসৱ-পাৰ্বন সমুহৰ ভিতৰত অন্যতম উৎসৱ হ'ল পঃৰাগ উৎসৱ ।

অসমৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই পঃৰাগ উৎসৱ ৷ অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ পৰা বিয়া দি বিদায় দিয়া জীয়ৰীসকলৰ লগতে জোঁৱাই সকলকো আমন্ত্ৰণ কৰি আনি অতি জাকজমকতা তথা আনন্দ ফূৰ্তিৰ মাজেৰে পালন কৰা হয় এই উৎসৱ (Mising community Porag Festival) ।

কেবাদিনীয়াকৈ আয়োজন কৰা পঃৰাগ উৎসৱে একোটা অঞ্চলক ৰং আনন্দৰে বিধৌত কৰে । সম্প্ৰতি লখিমপুৰৰ ভীমপৰা শিঙৰী গাঁৱত চাৰিদিনীয়া কাৰ্যসূচীৰে কৰা হৈছে পঃৰাগ উৎসৱ উদযাপন (Porag festival in Lakhimpur) । অসমৰ অন্যতম খিলঞ্জীয়া চহা মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উলহ-মালহৰে পালন কৰা পৰিলক্ষিত হৈছে ভীমপৰাৰ শিঙৰী গাঁৱত ।

উল্লেখযোগ্য ২০ বছৰৰ ব্যৱধানত পৰাগ উদযাপন কৰিছে শিঙৰীৰ গাওঁবাসীয়ে । মূলতঃ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ বাবে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনা এই উৎসৱত নিজৰ আত্মীয় স্বজন, জী-জোঁৱাইকলৈ সকলো ৰং আনন্দত বুৰ যায় । লক্ষ্যণীয় যে মিচিং জনগোষ্ঠীৰ একো একোটা খেল অথবা গাঁৱৰ ৰাইজে মিলি একত্ৰিতভাৱে পালন কৰে এই উৎসৱ ।

মিচিং সম্প্ৰদায় লোক সকলে গাঁৱৰ ৰাইজৰ মংগলৰ কামনাৰ্থে এই পঃৰাগ উৎসৱ অনুষ্ঠিত কৰি দূৰ-দূৰণিলৈ বিয়া দিয়া জী-জোঁৱাইক আদৰি জাক জমকতাৰ মাজত বুৰ যায় । লখিমপুৰৰ শিঙৰি গাঁৱতো এতিয়া পঃৰাগ উৎসৱ উপলক্ষে বৈছে আনন্দৰ নিজৰা । নাচি বাগি, গীত গাই সকলো আপোন পাহৰা হৈ পৰিছে । উল্লেখ্য সোমবাৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱৰ নিজৰা শিঙৰী গাঁৱত চাৰিদিন ধৰি বৈ থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.