ETV Bharat / state

Murder case in Lkahimpur: শোৱাপাটীতে দম্পতীক ঘপিয়াই হত্যা, দুই হত্যাকাৰীক গ্ৰেপ্তাৰ

মঙলবাৰে দোভাগ নিশা বৃদ্ধ দম্পতীক শোৱা-পাটীতে হত্যা কৰি থৈ যায় দুই দুৰ্বৃত্তই (Miscreants killed old couple)৷ লখিমপুৰৰ 2 নং ৰঙাজানত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Murder case at Rangajan)

author img

By

Published : Oct 27, 2022, 9:09 PM IST

Miscreants brutally killed old couple in Lakhimpur
Murder case in Lkahimpur: শোৱা পাটীতে দম্পতীক ঘপিয়াই হত্যা, দুই হত্যাকাৰীক গ্ৰেপ্তাৰ

লখিমপুৰ, ২৭ অক্টোবৰ: লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Lkahimpur) ৷ মঙলবাৰে দোভাগ নিশা বৃদ্ধ দম্পতীক শোৱা-পাটীতে হত্যা কৰি থৈ যায় দুই দুৰ্বৃত্তই (Miscreants killed old couple)৷ লখিমপুৰৰ ২ নং ৰঙাজানত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Murder case at Rangajan) ৷

জানিব পৰামতে পাৰিবাৰিক কন্দলৰ বাবে শুই থকা অৱস্থাতে চুবুৰীয়া ঘৰৰ দুই যুৱকে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে বৃদ্ধ দম্পতীটোক (Two miscreants killed a old couple in Lakhimpur) ৷ ঘৰৰ লোকে পুৱা শুই উঠি নিদ্ৰাৰত পিতৃ-মাতৃক তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত দেখি হুলস্থূলৰ সৃষ্টি কৰে ৷ লগে লগে ঘৰৰ পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত খবৰ দিয়ে ৷

খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ এই ঘটনাৰ ৪৮ ঘণ্টাৰ পিছতে লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই ( Lakhimpur sadar thana OC Bhaskar Kalita) বিশেষ উদ্যোগ লৈ স্নিফাৰ ডগ, ফিংগাৰ প্ৰিন্ট বিশেষজ্ঞৰ সহায়ত তদন্ত কৰি বুধবাৰে দুই অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে (Two accused arrested)৷

শোৱাপাটীতে দম্পতীক ঘপিয়াই হত্যা

হত্যাকাৰী দুটা হৈছে কাৰ্লোছ লোহাৰ আৰু থমাছ তপ্ন ৷ আৰক্ষীয়ে ওৰে নিশা দুই অভিযুক্তক সোধ-পোছ কৰাৰ অন্তত ওলাই পৰে প্ৰকৃত সত্য ৷ দুই অভিযুক্তই হত্যাকাণ্ড কৰাৰ কথা স্বীকাৰ কৰি কয় যে পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিছিল (Murder cause of family issue)৷

এই লোমহর্ষক হত্যাকাণ্ড সন্দৰ্ভত লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা ৫৭৪/২২ নম্বৰৰ আৰু ৩০২ ধাৰাৰ গোচৰত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰি দুদিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে ৷ ঘটনাৰ ৪৮ ঘন্টাৰ ভিতৰতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত এইয়া আৰক্ষীৰ বাবে উল্লেখযোগ্য সফলতা বুলি চিহ্নিত কৰিছে ৷

লগতে পঢ়ক: Murder in Cachar: কাছাৰত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.