ETV Bharat / state

Bihu World Record Programme: বিহুক বিশ্বমুখী কৰাৰ চৰকাৰী প্ৰচেষ্টা ধাৰাবাহিক; মন্ত্রী যোগেন মহন

অহা ১৪ এপ্রিলত অসমৰ বিহুৱে পাব বিশ্ব মৰ্যাদা (Bihu World Record Programme) । তাৰ বাবে এতিয়া ৰজাঘৰ-প্ৰজাঘৰত ভীষণ ব্যস্ততা । কেৱল ১৪ এপ্রিলৰ বাবেই বিহুৰ প্ৰস্তুতি নহয়, বিহুক বিশ্বমুখী কৰাৰ চৰকাৰৰ এই প্ৰচেষ্টা ধাৰাবাহিক হ'ব বুলি মন্তব্য মন্ত্রী যোগেন মহনৰ ।

author img

By

Published : Apr 9, 2023, 3:43 PM IST

Bihu reharhal supervison by minister jogen mahon
Bihu world record
বিহুক বিশ্ব দৰবৰাত প্ৰতিষ্ঠাৰ ব্যাপক আয়োজন

লখিমপুৰ, ৯ এপ্রিল : অসমৰ বাপতি সাহোন ৰঙালী বিহু সমাগত (Rongali Bihu 2023) । ইতিমধ্যে কুঁহিপাতৰ ৰঙেৰে সেউজীয়া হৈ পৰা গছে-বিৰিখে পৰি অমিয় সুৰৰ ঝংকাৰ তুলিছে কুলি-কেতেকীয়ে । লগে লগে ঢোলৰ ছেও আৰু পেঁপা-গগণাৰ মাতত সাতখন-আঠখন হৈছে বিহুৱা-বিহুৱতীৰ মন । তাৰ মাজতে এইবাৰ বিহুক বিশ্ব দৰবৰাত প্ৰতিষ্ঠাৰ ব্যাপক আয়োজন (Assam govt to set world record with Bihu) । ৰজাঘৰৰ পৃষ্ঠপোষকতাত চলিছে বিহুক বিশ্ব ৰেকৰ্ডৰ বুকুত অংকন কৰাৰ ব্যাপক আয়োজন । তাৰেই আখৰা এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

লখিমপুৰতো ইয়াৰ ব্যতিক্ৰম নহয় । দেওবাৰে এই বিশ্ব ৰেকৰ্ডৰ আখৰাস্থলীত উপস্থিত হয় মন্ত্ৰী যোগেন মহন (minister Jogen Mahan at Lakhimpur Bihu practice) । বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চৰকাৰৰ প্ৰয়াস হ'ব ধাৰাবাহিক । লখিমপুৰত বিহুৰ চূড়ান্ত আখৰা পৰিদৰ্শন মন্ত্রী যোগেন মহনৰ এই মন্তব্য । উল্লেখ্য যে, অহা ১৪ এপ্রিলত অসমীয়াৰ আয়ুসৰেখা বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড (Bihu to set Guiness Bokk of World Records) । তাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে ।

কেৱল এইবাৰেই নহয়, বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অনাগত দিনতো চৰকাৰৰ প্ৰচেষ্টা ধাৰাবাহিক হ’ব । এই ভাষ্য অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনৰ । দেওবাৰে পুৱা লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিহুৰ চূড়ান্ত আখৰা পৰিদৰ্শন কৰি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয় । তেওঁ লগতে বিহুত যাতে অপসংস্কৃতিয়ে বাহ ল’ব নোৱাৰে, বিহুৰ বৈশিষ্ট্য ম্লান কৰিব নোৱাৰে তাৰ বাবে অসমীয়া ৰাইজ সজাগ সচেতন হৈ থাকিব লাগিব বুলিও কয় ।

আনহাতে, বিহুক অনাগত সময়ত অধিক প্ৰাণৱন্ত কৰি তুলিব লাগিব বুলিও তেওঁৰ মন্তব্য । তাৰ বাবে চৰকাৰ আৰু ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখ কৰে । লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ হেঁপাহৰ উমৈহতীয়া সংস্কৃতি বিহু বুলি উল্লেখ কৰি তেওঁ বিহুক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰি সকলোকে গৌৰৱবোধ কৰাৰ বাবে তেওঁ আহ্বান জনায় ।

উল্লেখ্য, লখিমপুৰ জিলাৰ পৰা বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে যাবলগীয়া সাতশ ঢুলীয়া-নাচনিৰ দেওবাৰে চূড়ান্ত আখৰা পৰিদৰ্শন কৰি মন্ত্রীগৰাকী অভিভূত হৈ পৰে । প্ৰশিক্ষকসকলে নাচনীসকলক নিভাঁজ-নিটোল ৰূপত পটু কৰি তুলিছে বুলি তেওঁ প্ৰশিক্ষকসকলক ধন্যবাদ জনোৱাৰ উপৰি মুখ্যমন্ত্রীয়ে বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ যি প্ৰয়াস কৰিছে সেয়াই অসমীয়া জাতিক প্ৰাণ দিব বুলি তেওঁ অভিহিত কৰে । মন্ত্রীগৰাকীৰ সৈতে স্থানীয় বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান আদিয়েও এই বিহু আখৰা পৰিদৰ্শন কৰে ।

লগতে পঢ়ক :Bihu Guinness book of world records : ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.