ETV Bharat / state

Protest at Lakhimpur: লখিমপুৰত মন্ত্রী বিমল বড়াৰ পুত্তলিকা দাহ

author img

By

Published : Aug 2, 2022, 3:02 PM IST

বিহুক বিকৃত ৰূপত উপস্থাপনক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ(Bihu controversy at Palom Airport) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো মঙলবাৰে অসমীয়া যুৱ মঞ্চই সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Protest in Lakhimpur over Bihu controversy) ।

minister bimal bora effigy burnt in lakhimpur
লখিমপুৰত মন্ত্রী বিমল বৰাৰ পুত্তলিকা দাহ

লখিমপুৰ,২ আগষ্ট: অসমীয়াৰ স্বাভিমান বিহুক বিকৃত ৰূপত উপস্থাপনক লৈ ৰাজ্যজুৰি ৰূপায়ণ কৰা হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (Protest in Lakhimpur over Bihu controversy) । প্ৰান্তে-প্ৰান্তে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মঙলবাৰে লখিমপুৰতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।

লখিমপুৰত মন্ত্রী বিমল বড়াৰ পুত্তলিকা দাহ

লখিমপুৰ নগৰৰ মাজ মজিয়াত ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ পুত্তলিকা দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । বিমল বড়া তথা শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কঁপাই তোলে লখিমপুৰ নগৰৰ আকাশ বতাহ ।

উল্লেখ্য অলপতে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্রাহীম মহম্মদ চলিহ দিল্লীলৈ অহাৰ সময়ত তেওঁ দিল্লীৰ পালম বিমান বন্দৰক বিহুৰে আদৰণি জনোৱা হৈছিল(Bihu controversy at Palom Airport) । কিন্ত এই আদৰণি পৰ্বত বিহুক উত্থাপন কৰা হৈছিল বিকৃত ৰূপত । সাজ পোচাকৰ পৰা বিহুৰ শৈলীলৈকে সকলো বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল । এই লৈ ৰাজ্যৰ সাংস্কৃতিক মন্ত্রীৰ ব্যৰ্থতাৰ প্ৰতিবাদ জনাই মঙলবাৰে অসমীয়া যুৱ মঞ্চই মন্ত্রীজনৰ পুত্তলিকা দাহ কৰে । বিহুক অপমান কৰা সহ্য কৰা নহব বুলি হুংকাৰ দি মন্ত্রী বিমল বড়াৰ পদত্যাগৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক: Har Ghar Tiranga 2022: ৰঙিয়াত মুকলি ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.