ETV Bharat / state

স্বাৱলম্বিতাৰ পথ দেখুৱাইছে মিজু কুমাৰী দেউৰীয়ে - miju kumari dewry

কাঠফুলাৰ খেতি, ঘৰতে ধূপ প্ৰস্তুত কৰা, মাছ মাংসৰ আচাৰৰ পৰা স্বাৱলম্বী হ'ব পৰা সকলো কাম কৰি পৰিয়াল চলাইছে সাহসী মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীৰ আশা গাঁৱৰ মহিলা সকলৰ সহযোগত এই ব্যৱসায়ৰ পৰিসৰ ডাঙৰ কৰি মহিলাসকলৰ বাবে মুকলি কৰিব স্বাৱলম্বিতাৰ পথ ৷

miju kumari dewry showing her way to women empowerment in lakhimpur
অৰুণাচলৰ বজাৰ দখল কৰিছে মিজু কুমাৰী দেউৰীয়ে
author img

By

Published : Feb 13, 2020, 2:55 PM IST

লখিমপুৰ , 13 ফেব্ৰুৱাৰীঃ নিজাববীয়াকৈ ধূপ কাঠি প্ৰস্তুত কৰাৰ পদক্ষেপ হাতত লৈ স্বাৱলম্বী হৈছে লখিমপুৰৰ এগৰাকী মহিলা ৷ লখিমপুৰ জিলাৰ বঙালমৰাৰ ১ নং মিৰি গাঁৱৰ মিজু কুমাৰী দেউৰী এতিয়া হৈ পৰিছে অঞ্চলটো মহিলা সকলৰ বাবে এক আদৰ্শ স্বৰূপ ৷ কাঠফুলাৰ খেতি, ঘৰতে ধূপ প্ৰস্তুত কৰা, মাছ মাংসৰ আচাৰৰ পৰা স্বাৱলম্বী হ'ব পৰা সকলো কাম অকলে কৰে মিজু কুমাৰী দেউৰীয়ে । কোনো চৰকাৰী সুবিধা নোহোৱাকৈ নিজা প্ৰচেষ্টাত এইগৰাকী মহিলা এতিয়া স্বাৱলম্বী ৷ লখিমপুৰৰ বিহপুৰীয়াৰ লগতে অৰুণাচলৰ বজাৰত বিক্ৰী হয় মিজু কুমাৰী দেউৰীয়ে তৈয়াৰ কৰা আচাৰ, কাঠফুলা, লগতে ধূপ ৷ বছৰি 70-80 হাজাৰ টকা উপাৰ্জন কৰে মিজু কুমাৰী দেউৰীয়ে ৷ স্বামীৰ মৃত্যুৰ পিছৰে পৰা দুটি সন্তানসহ আত্মনিৰ্ভৰশীল মহিলা মিজু দেউৰীয়ে সুচাৰুভাৱে চলাই গৈছে ঘৰ ৷ মিজু কুমাৰী দেউৰীৰ আশা, গাঁৱৰ মহিলা সকলৰ সহযোগত এই ব্যৱসায়ৰ পৰিসৰ ডাঙৰ কৰি অঞ্চলটোৰ মহিলা সকলৰ বাবে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰা ৷ অপেক্ষা মাথো চৰকাৰী সুবিধাৰ ৷

অৰুণাচলৰ বজাৰ দখল কৰিছে মিজু কুমাৰী দেউৰীয়ে

লগতে পঢ়কঃপ্ৰৱল ইচ্ছাশক্তিৰে অসাধ্য সাধন কৰা এজন ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.