ETV Bharat / state

Migratory Birds in Shatjan Swamp: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ নাওবৈচাৰ শতজান জলাশয় - পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ নাওবৈচাৰ শতজান জলাশয়

পৰিভ্ৰমী পখীৰ কলৰৱত মুখৰিত নাওবৈচাৰ শতজান জলাশয়(Migratory birds in Shatjan swamp in Naobaicha) ৷ চৰকাৰ-প্ৰশাসনৰ পৰা গুৰুত্ব লাভ নকৰাৰ বাবে আক্ষেপ প্ৰকাশ স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ ৷

Migratory Birds Shatjan reservoir in Naobaicha
Migratory Birds Shatjan reservoir in Naobaicha: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ নাওবৈচাৰ শতজান জলাশয়
author img

By

Published : Nov 30, 2022, 9:16 PM IST

লখিমপুৰ, 30 নৱেম্বৰ: পৰিভ্ৰমী পখীৰে মুখৰিত হৈ পৰিছে নাওবৈচাৰ শতজান জলাশয়(Migratory birds in Shatjan reservoir in Naobaicha) ৷ দেশী- বিদেশী পৰিভ্ৰমী পখীৰ কল-কাকলিত মুখৰিত হৈ পৰিছে নাওবৈচাৰ শতজান জলাশয় । দেশ বিদেশৰ পৰা বিভিন্ন প্ৰজাতিৰ পক্ষী আহি ভিৰ কৰিছেহি লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচাৰ এই জলাশয়টোত ।

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ নাওবৈচাৰ শতজান জলাশয়

ৰঙানদীৰ পাৰৰ পহুমৰাত ১২২ বিঘা মাটিৰে আবৃত শতজান জলাশয়ত প্ৰত্যেক বছৰৰ দৰে এইবাৰো শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা পৰিলক্ষিত হৈছে । লগে লগে জলাশয়টোয়ে ন ৰূপত জীৱন্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে(Tourist place Shatjan reservoir in Naobaicha) ৷ শীতৰ সময়চোৱাত শতজান জলাশয়লৈ ১১বিধ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটাৰ লগতে আন ২৩ বিধ স্থানীয় পক্ষীৰো আগমন ঘটিছে, যিয়ে ৰাজ্যবাসীক আকৰ্ষিত কৰাৰ লগতে দেশী-বিদেশী পৰ্যটককো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।

প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্যৰে পৰিপূৰ্ণ শতজান জলাশয়লৈ প্ৰতি বছৰৰ দৰে এইবাৰো ছাইবেৰিয়া, শ্ৰীলংকা, ম্যানমাৰ, জাপান, নেপাল আদি দেশৰ পৰা পক্ষীৰ আগমন ঘটিছে । কেৱল পৰিভ্ৰমী পক্ষীয়েই নহয় শতজান জলাশয়ত প্ৰায় দহটা বিভিন্ন প্ৰজাতিৰ তৰু-তৃণৰ লগতে এশটা প্ৰজাতিৰ দ্বিবীজপত্ৰী উদ্ভিদ ,২০বিধ ভিন্ন প্ৰজাতিৰ একবীজপত্ৰী উদ্ভিদ আৰু কুৰিটা প্ৰজাতিৰ ঢেঁকীয়া জাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ শতজান জলাশয় ।

শীত আহিলেই কুঁৱলীৰ আৱৰণ ফাঁলি কাহিলি পুৱাতেই জলাশয়টোৰ চৌদিশৰ পৰা জাক পাতি নামি অহা হাজাৰ হাজাৰ দেশী-বিদেশী পক্ষীয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে, যি পৰিৱেশ উপভোগ কৰিবলৈ ভিৰ কৰেহি স্থানীয় প্ৰকৃতিপ্ৰেমীসকলে । জাক পাতি নামি অহা পক্ষীৰ পাখিৰ ধপ-ধপনিত পুৱতি নিশাই সাৰ পাই উঠে শতজান আৰু ইয়াৰ চৌপাশৰ মানুহ ৷

সাত সাগৰ তেৰ নদী অতিক্ৰমী দিন ৰাতি একাকাৰ কৰি চৰাইবোৰ আহে আৰু যায় শতজান আৰু অন্যান্য জলাশয়লৈ । পৰিভ্ৰমী চৰায়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিলেও নাওবৈচাৰ শতজান জলাশয়ে চৰকাৰ-প্ৰশাসনৰ দৃষ্টিত গুৰুত্ব লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

শতজান জলাশয় নাওবৈচাক পৰ্যটনথলী হিচাবে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়ক: Nyubu Nyegam Yerko in Arunachal Pradesh: জনজাতীয় শিক্ষাৰে চলা অৰুণাচলৰ এখন বিশেষ বিদ্যালয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.