ETV Bharat / state

শিক্ষামন্ত্ৰীৰ পত্নীয়ে মাহিলি দুহেজাৰ টকাত ঘৰ চলাওক

author img

By

Published : Aug 25, 2022, 5:47 PM IST

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ (Mid Day Meal Workers Protest in Lakhimpur)৷ এইবাৰ শিক্ষামন্ত্ৰীৰ পত্নীক মাহিলি দুহেজাৰ টকা মাননিত ভাত ৰান্ধিবলৈ আহ্বান প্ৰতিবাদী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ ৷

Mid-Day Meal Workers Protest Over Salary Hikes in Lakhimpur
প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ

লখিমপুৰ, ২৫ আগষ্ট : ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ ন্যায্য প্ৰপ্তিৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত নামিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতি (Mid Day Meal Workers Protest in Lakhimpur) ৷

শিক্ষামন্ত্ৰীৰ পত্নীয়ে মাহিলি দুহেজাৰ টকাত ঘৰ চলাওক মন্তব্য মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ

এইবাৰ প্ৰতিবাদকাৰীৰ দাবী, ‘‘শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পত্নীয়ে মাহিলি দুহেজাৰ টকাত ভাত ৰান্ধক ৷ তেহে গম পাব মাহিলি দুহেজাৰ টকাত এখন ঘৰ কেনেদৰে চলে’’ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে লখিমপুৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চৰকাৰ তথা শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

ইয়াৰ উপৰিও প্ৰতিবাদী কৰ্মীসকলে মধ্যাহ্ন ভোজন আঁচনি ‘‘পি এম পোষণ’’ ব্যক্তিগতকৰণ বন্ধ কৰা, সাত মাহৰ অনাদায় আদায় দিয়া, মজুৰি আইন মতে ৰন্ধন কৰ্মীক মাননি দিয়া, বিদ্যালয় সংলগ্ন কৰাৰ নামত ৰাজহুৱা শিক্ষাৰ সংকোচন আৰু ৰন্ধন কৰ্মীক কৰ্মহীন কৰাৰ নীতি বাতিল কৰিবলৈ দাবী জনায় ।

আনকি কৰ্মৰ বিনিময়ত তেওঁলোকে পোৱা ন্যূনতম মাননি কিছু বৃদ্ধি কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায় ।

লগতে পঢ়ক : সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.