লখিমপুৰ , 30 এপ্ৰিল : মঙলবাৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে লখিমপুৰৰ ষ্ট্ৰংৰূমত উপস্থিত হয় ৷ উত্তৰ লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰংৰূমৰ নিৰাপত্তা ব্যৱস্থা দেখি সন্তুষ্ট বুলি মন্তব্য কৰে ভানুৱে ৷
ষ্ট্ৰংৰূমৰ সকলো দিশ পৰ্যবেক্ষণ কৰি ভানুৱে কয় যে ইভিএমকলৈ একাংশ সচেতন ভোটাৰ চিন্তিত হৈছে যাৰ বাবে বিভিন্ন স্থানৰ ষ্ট্ৰংৰূম পৰ্যবেক্ষণ কৰিছে ভানুৱে ৷ এই সময়ছোৱাত বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে ৷