লখিমপুৰ, 19 অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবীত লখিমপুৰত উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ ৷ 2000 মেগাৱাট সম্পন্ন গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত তথা বৰ্তমানো জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম চলাই থকাৰ বিৰুদ্ধে সোমবাৰে চাউলধোৱা আঞ্চলিক বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
থেকেৰাগুৰি চাৰিআলিত বীৰ লাচিত সেনাৰ অৰ্ধ-শতাধিক সদস্যই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ দল সংগঠনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনকো মষিমূৰ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে গোপনে যন্ত্ৰাংশ কঢ়িয়াই থকা বিষয়টোক তীব্ৰ ধিক্কাৰ দিয়ে সংগঠনটোৱে ৷
লগতে পঢ়ক : শদিয়াৰ সমস্যাৰাজিক লৈ ঐক্য মঞ্চৰ সংবাদমেল