ETV Bharat / state

লখিমপুৰৰ হাৰমতীত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Sep 12, 2022, 1:11 PM IST

লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড (Massive fire breaks out in Lakhimpur) ৷ হাৰমতীত পুৱতি নিশা হোৱা এই অগ্নিকাণ্ডৰ ফলত জাহ গ’ল ৩৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

massive-fire-breaks-out-in-lakhimpur
হাৰমতীত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

বিহপুৰীয়া, 12 ছেপ্টেম্বৰ: লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড (Massive fire breaks out in Lakhimpur) ৷ জাহ গ’ল ৩৫ খন দোকান ৷ জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ হাৰমতী বজাৰত সোমবাৰে পুৱতি নিশা প্ৰায় ৩-৩০ বজাত এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷

ঘটনা সংঘটিত হোৱাৰ সময়তে হাৰমতী আৰক্ষী চকীৰ আৰক্ষীয়ে নৈশ তহলদাৰী দলে দেখা পাই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত বিহপুৰীয়া, নাৰায়ণপুৰ আৰু লখিমপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ বাহন উপস্থিত হৈ জুই নুমুবলৈ চেষ্টা কৰে । অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই (Fire incident in Lakhimpur) ৷

হাৰমতীত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত গেলামাল, মাছ, মাংস, শাক-পাচলি, হোটেল, পান ঘুমটি আদিৰ প্ৰায় ৩৫ খন দোকান জাহ যায় ৷ জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত অনুমানিক ৪ কোটি টকাৰ ক্ষয়-ক্ষতি হয় ৷

লগতে পঢ়ক: 'কা' সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.