লখিমপুৰ,২৮ জুন : ভয়ংকৰ খহনীয়াৰ কৱলত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূণাসুঁতি (Erosion at Ghunasuti)। সোৱনশিৰি নৈৰ বুকুত জাহ গৈছে অঞ্চলটোৰ বহু স্থান । যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । মৰমেৰে সাজি লোৱা ঘৰখন নিজ হাতেৰেই ভাঙি এতিয়া সেই স্থান ত্যাগ কৰিছে বহু লোকে ।
উল্লেখ্য যে প্ৰায় ১৯৯৯ চনৰ পৰাই ঐতিহাসিক ঘূণাসুঁতিত খহনীয়া আৰম্ভ হৈছিল । বহু গাঁও ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে । কিন্তু আজিলৈকে বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যবস্থা নকৰিলে চৰকাৰে । যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
বৰ্তমান যি ধৰণে গৰাখহনীয়া অব্যাহত এই ধাৰা অব্যাহত থাকিলে আগন্তুক দুবছৰৰ ভিতৰত নিঃশেষ হোৱাৰ দিশে ঘূণাসুঁতিৰ বালিভেটা, নাহৰণী আৰু উৰীয়ামতলাকে ধৰি কেইবাখনো গাঁও (People of Ghunasuti are in trouble)।
বৰ্তমান কেইবাটাও অঞ্চলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Massive erosion at Ghunasuti)। যাৰ বাবে ঘৰবোৰ ভাঙি, সা-সামগ্ৰী লৈ আন ঠাইলৈ স্থানান্তৰ কৰিছে একাংশ লোকে । সপোনৰ ঘৰখন ভাঙি অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে বহু পৰিয়ালে । ঘৰ-মাটি হেৰুৱাই দুখত ভাগি পৰিছে ৰাইজ ।
কিন্তু দুৰ্ভগীয়া পৰিয়ালবোৰৰ বাবে চৰকাৰে এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী লোকসকলে । খহনীয়া প্ৰতিৰোধৰ নামতো একো কৰা নাই চৰকাৰে । ৰাইজৰ অভিযোগ নিৰ্বাচন আহিলেহে জন প্ৰতিনিধিসকলে আহি দেখা দিয়ে আৰু তাৰ পিছত কোনো খবৰ নলয় লোকসকলৰ । নিৰ্বাচনৰ পূৰ্বে আহি কেৱল প্ৰতিশ্ৰুতিহে দিয়ে জনপ্ৰতিনিধিয়ে ।
ৰাইজৰ অভিযোগ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ জনপ্ৰতিনিধি । জনপ্ৰতিনিধি তথা চৰকাৰৰ অৱহেলাত এতিয়া ঐতিহাসিক ঘূনাসুঁতি অস্তিত্বৰ সংকটত । ভুক্তভোগী পৰিয়ালৰ সংখ্যাও বাঢ়িছে । আনকি জংকি-পানেইৰ অমৰ প্ৰেম কাহিনীৰে সৰ্বজনবিদিত ঐতিহাসিক ঘূণাসুঁতিত এতিয়া নাই আনন্দ ।
লগতে পঢ়ক :Leopard caged in Dibrugarh: শালমাৰি চাহ বাগিছাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী