ETV Bharat / state

Crime in Lakhimpur: লখিমপুৰত বিশ হেজাৰ টকা উৎকোচ লওঁতে গ্ৰেপ্তাৰ মণ্ডল

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:48 PM IST

ঘোচ লৈ হাত দাঙিলে মণ্ডলে । দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ মণ্ডল । মাটি নামজাৰি কৰাৰ বাবদ দাবী কৰিছিল মণ্ডল মোজামিল হকে এক লাখ টকা ।

Anti corruption brunch operation
মুখ্য়মন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

লখিমপুৰ, ৪ নবেম্বৰ: ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্য়মন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । প্ৰতিদিনে ইজনৰ পিছত সিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত । এইবাৰ জালত পৰিল আন এজন মণ্ডল । বিশ হেজাৰ টকা লওতেই হাতে লোটে ধৰিলে মণ্ডলক ।

লখিমপুৰত আকৌ হাত দাঙিলে মণ্ডলে । মাটি নামজাৰিৰ বাবে বিশ হেজাৰ টকা লওঁতেই হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰকৰ দলে । মাথো কেইদিনমানৰ বিৰতিত লখিমপুৰত আজি আকৌ হাত দাঙিলে এজন মণ্ডলে । কেইদিনমানৰ পূৰ্বে জিলাখনৰ নামনিত ঘোচ লৈ এজন মণ্ডলে হাত দাঙিবলগীয়া হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওতেই আজি বিয়লি পুনৰ এজন মণ্ডল দুৰ্নীতি নিবাৰকৰ জালত পৰে । বিশ হেজাৰ টকা ঘোচ লৈ হাতে-লোটে ধৰা পৰা এই মণ্ডলজন হৈছে মোজামিল হক ।

লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিযুক্ত তথা বগলীজান লাটৰ মণ্ডল মোজামিল হকে উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰাৰ নামত আজি বিশ হেজাৰ টকা ঘোচ লোৱাৰ সময়ত বিয়লি দুৰ্নীতি নিবাৰকৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰে । বগলীজান নিবাসী ৰূপম কুমাৰ চেতিয়া নামৰ লোকজনৰ পৰা মাটি নামজাৰিৰ নামত মোজামিল হকে বিশ হেজাৰ টকা লৈছিল । ৰূপম কুমাৰ চেতিয়াই এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে তেওঁৰ পিতৃ লক্ষীকান্ত চেতিয়াৰ পৰা উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ নামত মাটি নামজাৰি কৰাৰ বাবদ মণ্ডল মোজামিল হকে এক লাখ টকা দাবী কৰিছিল । পৰৱৰ্তী সময়ত ৫০ হেজাৰ টকা আগধন বিচাৰে ।

আজি ইয়াৰে ২০ হেজাৰ টকা লওতেই মণ্ডল মোজামিল হকক হাতে-লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰকৰ দলে । উল্লেখ্য যে মোজামিল হকৰ ঘৰ বিশ্বনাথ চাৰিআলিত । কিছুদিন পূৰ্বেহে তেওঁ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় যোগদান কৰিছিল । দুৰ্নীতি নিবাৰকৰ দলে সন্ধিয়া পর্যন্ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়তে মণ্ডল মোজামিল হকক লৈ অনুসন্ধান চলায় ।

লগতে পঢ়ক:Press Meet of CM : মাৰ্চত মুকলি হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংৰ এটা অংশ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.