লখিমপুৰ,১৫ ছেপ্টেম্বৰ: আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা অসমীয়া জাতীয় জীৱনৰ দুগৰাকী দিগ দৰ্শন কৰোতা মহাপুৰুষৰ অন্যতম মাধৱদেৱৰ 426 সংখ্যক তিৰোভাৱ তিথি ৷ মহাপুৰুষগৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে (Madhavdevs 426th death anniversary observed) ৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰতো বৃহস্পতিবাৰে পুৱাৰে পৰা বিভিন্ন নামঘৰ, মাধৱদেৱৰ জন্মস্থান আৰু সত্ৰীয়া অনুষ্ঠানত উদযাপন কৰা হৈছে 426 সংখ্যক তিৰোভাৱ তিথি ৷ জিলাখনত আন অনুষ্ঠানৰ লগতে নগৰৰ কে বি ৰোডত থকা লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়তো (Lakhimpur Sattriya Sangeet School) নাম প্ৰসংগ, ভাওনা আদিৰে তিথি পালন কৰা হয় ।
কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে সীমিত সংখ্যক ভকত-বৈষ্ণৱৰ অংশগ্ৰহণেৰে নাম প্ৰসংগ কৰাৰ পিছতে প্ৰসাদ বিতৰণৰ অন্তত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমো আয়োজন কৰা হয় ৷ লগতে মহাপুৰুষ দুজনাৰ অন্যতম সৃষ্টি ভাওনাৰো আয়োজন কৰা হয় ৷
কাৰ্যসূচীসমুহ সুচাৰুৰূপে চলাই নিবলৈ অনুষ্ঠানটোৰ শিক্ষার্থী, অভিভাৱক তথা স্থানীয় ৰাইজে সহযোগ কৰে ৷
লগতে পঢ়ক: হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা