বিহপুৰীয়া, 10 মে’: সমগ্ৰ দেশতে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰতিদিনেই কৰ’ণা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে 10 মে’ অৰ্থত সোমবাৰৰে পৰা ১৭ মে’ লৈ সাত দিনৰ বাবে অৰুণাচল প্ৰদেশত ল’কডাউনৰ ঘোষণা কৰা হৈছে ৷ ইটানগৰ কেপিটেল জ'নৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলগুন, নিৰজুলি আৰু বান্দৰদেৱা লৈকে এই ল’কডাউনৰ প্ৰভাৱ পৰিছে ৷ এক প্ৰকাৰে অঞ্চলকেইটাত জনশূণ্য হৈ পৰিছে ৷
উল্লেখ্য যে, সোমবাৰৰ পুৱা ৫ বজাৰ পৰা উল্লেখিত ঠাইসমূহৰ লগতে পাপুমপাৰে জিলাৰ বান্দৰদেৱাতো সকলো দোকান পোহাৰ বন্ধ থকা পৰিলক্ষিত হয় ৷ সম্প্ৰতি দেশখনত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 2,26,62,410 গৰাকী আৰু 2,46,146 গৰাকীৰ ৰোগীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা