লখিমপুৰ, ২ জুন : বিহু বুলিলেই অসমীয়া ৰাইজৰ মন-প্ৰাণ আনন্দত নাচি উঠে । ঢোল-তাল-পেঁপা-গগণাৰ মাতত গাত ত’ত নাইকিয়া হয় নাচনীৰ ৷ পিচে সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিহুৰ বাদ্যযন্ত্র নিৰ্মাণ ব্যয়বহুল হৈ পৰিছে । বিশেষকৈ পেঁপা নিৰ্মাণৰ বাবে ম’হৰ শিং পাবলৈ নোহোৱা হৈছে (Pepa hornpipe musical instrument) । যাৰবাবে বিকল্প চিন্তা চৰ্চা চলিছে । এনে চিন্তা চৰ্চাৰ ফল স্বৰূপে লখিমপুৰৰ এজন সাংস্কৃতিক কৰ্মীয়ে বহু কষ্টৰে নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ পেঁপা (Pepa Assamese Traditional instrument) ।
আমি কৈ থকা লখিমপুৰৰ সাংস্কৃতিক কৰ্মীজনৰ নাম হ’ল অম্বিকা খনিকৰ । লখিমপুৰৰ বগলীজানৰ নিবাসী অম্বিকা খনিকৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ দেখি অনুপ্ৰাণিত হৈছিল (Lakhimpur youth made Bamboo Pepa) । তাৰ পাচৰে পৰাই তেওঁ সময়ত হাতে কামে নামি পৰিল বাঁহৰ পেঁপা নিৰ্মাণ কৰাত । বহু কষ্ট আৰু ধৈর্যৰে তেওঁ ইতিমধ্যে কেইবাটাও বাঁহৰ পেঁপা নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে ।
ম’হৰ শিঙৰ পেঁপা আৰু শিল্পীগৰাকীয়ে বনোৱা পেঁপাৰ গুণগত দিশত কোনো পাৰ্থক্য নাই । ম’হৰ শিঙৰ পেঁপাৰ দৰেই শুৱলা আৰু সুন্দৰ মাত তেওঁ বনোৱা বাঁহৰ পেপাত । ম’হৰ শিং নহ’লেও এতিয়াৰ পৰা পেঁপাৰ অভাৱ নহ’ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে, সৰুৰে পৰা সংস্কৃতিৰ পথাৰখনত সাঁতুৰি নাদুৰি থকা অম্বিকা খনিকৰ এগৰাকী ঢোলৰ ওজা । তেওঁ ঢোলৰ উপৰিও অসমীয়া সংস্কৃতিৰ সকলো বাদ্যযন্ত্র বজোৱাত পাকৈত । সৰুৰে পৰা সমগ্র অসমৰ বিভিন্ন প্ৰান্তত ঢপলিয়াই ফুৰা অম্বিকা খনিকৰে এই পৰ্যন্ত অসংখ্য বাৰ সম্বৰ্ধিত হৈছে । কেতিয়াবা বিহুৱা ৰূপে, আন কেতিয়াবা ঢোলৰ বাদক ৰূপে নাইবা কেতিয়াবা আকৌ গগনা, খোল, বাদক আৰু প্ৰশিক্ষক হিচাবেও তেওঁ বহু বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ উপৰিও অসম ঢুলীয়া শিল্পী সন্মিলনেও তেওঁক সন্মানিত কৰিছে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত তেওঁ অসংখ্য বাৰ সম্বৰ্ধিত হৈছে ৷ খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা অম্বিকা খনিকৰে বাঁহৰ পেঁপা নিৰ্মাণ কৰি তেওঁ কয় ম’হৰ শিং নহ’ল বুলিয়েই আমি বিহুক ম্লান পৰিবলৈ নিদিও । বিকল্প পেঁপাৰ সুৰত এতিয়া নাচনীয়ে নাচিব ।
লগতে পঢ়ক : Pepa Assamese Traditional instrument : ম’হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে বাঁহৰ পেঁপা নিৰ্মাণত ব্যস্ত পাপু