লখিমপুৰ 17 এপ্ৰিল :অসম চৰকাৰৰ বস্ত্ৰ আৰু হস্ত তাতঁ শিল্প দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই শুকুৰবাৰে পৰিস্থিতিৰ বুজ লয় লখিমপুৰৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ লগত মিলিত হয় আলোচনাত। ৰঞ্জিত দত্তৰ মন্তব্য বর্ত্তমান চৰকাৰে কোভিদ,১৯ নির্মূলৰ বাবে অসম আৰোগ্য নিধিত ৰাইজক অর্থ দান কৰিবলৈ জনোৱা আহ্বানৰ সহাঁৰি হিচাপে ১০০ কোটি টকা ৰাইজে জমা কৰিছে । এই ধনেৰে ৫ খন বিশেষ COVID 19 চিকিৎসালয় স্থাপন কৰা হ'ব আৰু তাৰে এখন লখিমপুৰৰ বগীনদীত স্থাপন কৰা হ'ব ।
তেখেতে লগতে কয় যে- চৰকাৰী সাহার্য ধন প্ৰদানত যি সকল লোকে অনিয়ম আৰু উৎকোষৰ পন্থা গ্ৰহণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব ৷ এপ্ৰিলৰ পৰা মাঠাউৰীৰ সমূহৰ নিৰ্মাণৰো কাম আৰম্ভ কৰা হৈছে বুলি ঘোষণা কৰাৰ লগতে কৃষকৰ সকাহ হোৱাকৈ খেতিয়ক সকলৰ বাবে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীয়ে। অন্যহাতে লখিমপুৰত প্ৰথম গৰাকী COVID - 19 ধৰাপৰা বাবু আলিৰ দ্বিতীয় পৰিক্ষাত নিগেটিভ বুলি জানিবলৈ দি অহা ৩ মে'লৈকে লকডাউন মানি চলিবলৈও আহ্বান জনায় মন্ত্ৰী ৰঞ্জিত দত্তই ।
লগতে পঢক : বিশ্বনাথত অঘটনঃ গছৰ ডাল কাটিবলৈ গৈ মৃত্যু এজনৰ