লখিমপুৰ,29 নৱেম্বৰঃ বহুতে কয়,ছ'চিয়েল মিডিয়াৰ অপ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মক বিপথগামী হৈছে ৷ এই কথাষাৰৰ বিপৰীতে আমি আপোনালোকক দিব বিচাৰিছো এটা ভাল খবৰ ৷ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি এজন যুৱকে দেখুৱাইছে নিদৰ্শন৷ ঘৰতে বহি যুৱকজনে ধন ঘটাৰ লগতে ইউটিউব ব্যৱহাৰ কৰি শিকিছে বাঁহী বজাবলৈ ৷ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে যুৱ প্ৰজন্মক ধ্বংস কৰাৰ বহু নজিৰ আছে যদিও,ছ'চিয়েল মিডিয়াৰো আছে যোগাত্মক প্ৰভাৱ। এটা ভয়ংকৰ দুৰ্ঘটনাত দুবছৰ পুৰ্বে বেয়াকৈ আঘাত পাইছিল লখিমপুৰ লোকামপুৰৰ যুৱক দুদুল শইকীয়াই ৷ দিন হাজিৰা কৰা দুদুলৰ দুৰ্ঘটনাৰ পিছতে বন্ধ হৈ পৰিছিল উপাৰ্জনৰ পথ। কিন্তু থমকি নৰ'ল দুদুল শইকীয়া ৷ ঘৰখন চলাবলৈ উপায়হীন হৈ পৰা দুদুলে উপাৰ্জনৰ পথ বাছি ল'লে ছ'চিয়েল মিডিয়াৰ যোগেদি ৷
লগতে চাওকঃবানপানীৰ বাবে ৰাইজৰ ওচৰত হাত পতা চৰকাৰে ফিল্ম ফেয়াৰৰ বাবে ক'ত টকা পালে ?