লখিমপুৰ, ২৬ আগষ্ট: ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্ষণকাৰী, ডকাইত আদি অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে এনকাউন্টাৰ কৰিব লগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ৷ এই সমূহ ঘটনা ৰাজ্যত সংঘটিত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰতো তেনে এক ঘটনাই সংঘটিত হৈছে ।
জানিব পৰা মতে, লখিমপুৰৰ বগীনদীত আৰক্ষীয়ে বৃহস্পতিবাৰে এটা ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ চাৰিজাই গুলীত আঘাটপ্ৰাপ্ত হয় আজাহাৰ আলী নামৰ ডকাইতটো । বগীনদীৰ কুলাবালিত ডকাইতটোক কৰায়ত্ব কৰাৰ পাচতে পলাবলৈ চেষ্টা কৰাৰ বাবেহে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় ডকাইতটোক লক্ষ্য কৰি ৷
উল্লেখযোগ্য যে, বগীনদীৰ শিঙিদলনী গাঁৱৰ কুখ্যাত অপৰাধী আজাহাৰ আলীক এটা ডকাইতি গোচৰত আটক কৰি ঢকুৱাখানা মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাৰ নেতৃত্বত বগীনদী থানাৰ আৰক্ষীয়ে লগত লৈ অনুসন্ধান কৰি থকা সময়তে পলাবলৈ চেষ্টা কৰাত গুলী চালনা কৰে আৰক্ষীয়ে ।
লগতে পঢ়কঃ বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?
আৰক্ষীৰ গুলীত অপৰাধী আজাহাৰ আলীৰ ভৰিত তিনিটাকৈ গুলি লাগে । বৰ্তমান অপৰাধী আজাহাৰ আলীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ ডকাইতি আৰু এটিএম লুটৰ বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগ আছে আজাহাৰ আলীৰ বিৰুদ্ধে ।
জানিব পৰা মতে, যোৱা ২৩ আগষ্টত বগীনদীৰ কুলাবালিত সংঘটিত হৈছিল এক ডকাইতিৰ ঘটনা । কুলাবলিৰ পৰমা মহন্তৰ ঘৰত 23 আগষ্টৰ নিশা ৯ জনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰি বৃদ্ধ দম্পতীক বান্ধি লৈ প্ৰহাৰ কৰি ধন সোণ লুট কৰি নিছিল । আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ সৈতে জড়িত আজাহাৰ আলী নামৰ ডকাইতটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
তাৰ পাছতে বৃহস্পতিবাৰে তদন্ত কৰিবলৈ আজাহাৰ আলীক লৈ যোৱাৰ সময়তে পলাবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত