ETV Bharat / state

পৰেশ বৰুৱাৰ পন্থা যিয়েই নহওক অন্ততঃ নিজৰ স্থিতিত তেওঁ অটল আছে : ব্ৰজেন হাজৰিকা - আলফা সমস্যাটোৰ সমাধান

ULFA Peace Accord : আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত হোৱা শান্তি চুক্তিয়ে আলফা সমস্যাটোৰ সম্পূর্ণ সমাধান নহ’লেও এটা অধ্যায়ৰ সামৰণি পেলালে । ইতিমধ্যে এই চুক্তিক লৈ ৰাজ্যত ভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । চুক্তি সম্পাদনৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্যাতিত পৰিয়ালেও ।

Ulfa peace accord
আলফা চৰকাৰৰ শান্তি চুক্তিক লৈ আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:07 PM IST

আলফা চৰকাৰৰ শান্তি চুক্তিক লৈ আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ২ জানুৱাৰী : ‘‘সন্ত্ৰাসবাদ আমি বেয়া পাওঁ ৷ সন্ত্ৰাসবাদক আমি কেতিয়াও সমৰ্থন নকৰো ৷ কিন্তু এজন অসমীয়া হিচাবে পৰেশ বৰুৱাই অসমীয়া জাতিৰ মানুহক উদ্দেশ্যি যি সংকল্প লৈছিল, সেই স্থিতিত তেওঁ অটল আছে ৷ পৰেশ বৰুৱাৰ স্থিতিৰ পৰা আমি কি পাম নাজানো ৷ কিন্তু জাতিৰ ওচৰত দিয়া প্ৰতিজ্ঞা তেওঁ ৰক্ষা কৰি থকাৰ বাবে মই ধন্যবাদ জনাইছো ৷’’ এয়া আলফাৰ নিৰ্যাতনৰ বলি হোৱা এটা পৰিয়ালৰ সদস্যৰ ভাষ্য ৷

সকলোৰে জ্ঞাত যে, বিগত ২৯ ডিচেম্বৰত সম্পন্ন হ’ল আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ এই শান্তি চুক্তি সন্দৰ্ভত বৰ্তমান ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই শান্তি চুক্তিৰ যোগাত্মক অথবা বিয়োগাত্মক দিশ পৰ্যালোচনা কৰিছে বিভিন্ন মহলেও ।

আনকি এইক্ষেত্ৰত আলফাৰ নিৰ্যাতনৰ বলি হোৱা পৰিয়ালসমূহৰ একাংশই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । আলফাৰ আতিশয্যৰ বলি হোৱা লখিমপুৰৰ ব্ৰজেন হাজৰিকাৰ পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷

অভিযোগ অনুসৰি, আলফাৰ আক্ৰমণত ব্ৰজেন হাজৰিকাৰ পৰিয়ালৰ দুজন সদস্যৰ মৃত্যু হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালে এখন গ্ৰন্থ প্ৰকাশ কৰিছিল । যিখন গ্ৰন্থক কেন্দ্ৰ কৰি তুমুল বিতর্কৰ সৃষ্টি কৰিছিল । সম্প্ৰতি শান্তি চুক্তি সম্পাদন হোৱাৰ সময়ত ব্ৰজেন হাজৰিকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুক্তিকাৰীসকলক তীৰ্যকভাৱে সমালোচনা কৰে ।

তেওঁ কয়, ‘‘ আলফা-চৰকাৰৰ শান্তি চুক্তি বন ঘৰচীয়া আলফাৰ মেগা চাৰেণ্ডাৰ চেৰিমনিহে ৷ আচলতে শান্তি চুক্তি হ’ব নালাগিছিল । কাৰণ ৰাইজৰ অশান্তি হোৱা নাছিল । অশান্তি যদি হৈছিল চুক্তিকাৰীসকলৰহে হৈছিল । পৰেশ বৰুৱাৰ পন্থা যিয়েই নহওক অন্ততঃ নিজৰ স্থিতিত তেওঁ অটল আছে’’ ৷

লগতে পঢ়ক : সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো: শশধৰ চৌধুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.