ETV Bharat / state

6 মাহে কাৰ্যকৰী নহ'ল লখিমপুৰ-মাজুলী-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা

author img

By

Published : Jun 23, 2021, 9:25 PM IST

Updated : Jun 24, 2021, 2:04 PM IST

চলিত বৰ্ষৰ জানুৱাৰী মাহতে ঘোষণা কৰা লখিমপুৰ-মাজুলী-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা বৰ্তমানে কাৰ্যকৰী নহ'ল ৷ ভবা হৈছিল মাজুলীৰ লগতে ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনক আগবঢ়াই নিবৰ বাবে এই যাত্ৰীবাহী হেলিকপ্তাৰ সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ ঘোষণাৰ 6 মাহ পাৰ হৈ যোৱাৰ পাচতো এই সেৱা কাৰ্যকৰী নোহোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে সচেতন মহল ৷

helicopter service
6 মাহে কাৰ্যকৰী নহ'ল লখিমপুৰ-মাজুলি-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা

লখিমপুৰ, 23 জুন : এক সপোন হৈয়ে ৰ'ল লখিমপুৰ-মাজুলী-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা ৷ ব্ৰহ্মপুত্ৰ এভিয়েচন প্ৰাইভেট লিমিটেড(Brahmaputra Aviation Pvt. ltd.) ৰ উদ্যোগত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল এই সেৱাৰ । যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা কাৰ্যকৰী কৰিবৰ বাবে তাৎক্ষণিকভাৱে মাজুলীত হেলিপেড নিৰ্মাণ কৰা হ'ল ৷ কিন্তু এই সেৱা আজিকোপতি কাৰ্যকৰী নহ'ল ৷

ভবা হৈছিল মাজুলীৰ লগতে ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনক আগবঢ়াই নিবৰ বাবে এই যাত্ৰীবাহী হেলিকপ্তাৰ সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ কিয়নো বছৰৰ 12 মাহে দেশ-বিদেশৰ পৰ্যটকে ভীৰ কৰে মাজুলী ৷ এই সেৱাই গুৱাহাটী-মাজুলীক সংযোগ কৰা হেতুকে মাজুলী অভিমুখী পৰ্যটকৰ যাতায়াতৰ ক্ষেত্ৰত অধিক সুবিধা হ'লহেতেন ৷ কিন্তু এই সেৱা ঘোষণাৰ 6 মাহ পাৰ হৈ যোৱাৰ পাচতো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আশা কৰিব পৰা ফল দেখা নগ'ল ৷

6 মাহে কাৰ্যকৰী নহ'ল লখিমপুৰ-মাজুলী-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা

তদুপৰি যাত্ৰীবাহী হেলিকপ্তাৰ সেৱাই জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো মাজুলীবাসীৰ লগতে লখিমপুৰবাসীক বহু পৰিমাণে উপকৃত কৰিব বুলি আশা কৰা হৈছিল ৷

কিন্তু সেই আশাই আজিও বাস্তৱ ৰূপ নাপালে ৷ এইক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলাৰ সচিব ৰাজু সিংহাই কয়, এই সেৱাই চলিত বছৰৰ জানুৱাৰী মাহতে কাৰ্যকৰী হোৱাৰ কথা আছিল ৷ কিন্তু আজিও কাৰ্যকৰী নহ'ল ৷ গতিকে বৰ্তমানৰ চৰকাৰখনে যি সমূহ কামত গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেই সমূহ কামত গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ কৰে ৰাজু সিংহাই ৷

"বৰ্তমানৰ চৰকাৰখন কেৱল মাত্ৰ বিজ্ঞাপনৰ মাজতে আৱদ্ধ ৷ কামে-কাজে যদি চোৱা যায় তেন্তে এই চৰকাৰখন সকলো ক্ষেত্ৰতে বিফল হৈছে ৷ লখিমপুৰ-মাজুলী-গুৱাহাটী যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা আজি কাৰ্যকৰী হোৱা হ'লে জনস্বাস্থ্য তথা জৰুৰীকালীন সেৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব লাভ কৰিলেহেতেন" ৷ এইদৰে ক্ষোভ প্ৰকাশ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলাৰ সচিব গৰাকীয়ে ৷

লগতে পঢ়ক: তামিলনাডুৰ এটা চিমেণ্ট কাৰখানাত বোমা উদ্ধাৰ

Last Updated : Jun 24, 2021, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.