লখিমপুৰ, ১ আগষ্ট : লখিমপুৰত ডিক্ৰং নৈৰ খহনীয়া । কেইবাখনো গাঁৱলৈ নামিছে সংকট । ব্যৱস্থা গ্ৰহণৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ । লখিমপুৰত বানৰ পাচতে আৰম্ভ হৈছে কেইবাখনো নৈৰ ব্যাপক খহনীয়া । খহনীয়া সৃষ্টি কৰা নৈ কেইখনৰ অন্যতম হ’ল ডিক্ৰং নৈ । ডিক্ৰং নৈৰ খহনীয়াই ইতিমধ্যে বহু ক্ষতি কৰাৰ পাচত পুনৰ কেইবাখনো গাঁৱৰ প্ৰতি অশনি সংকেত নমাই আনিছে ।
![dikrong river erosion news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-08-2023/19153090_11.jpg)
বঙালমৰা গ্ৰেজিং এলেকাত নৈ খনৰ খহনীয়া চলিছে । উক্ত এলেকাত নৈ খনৰ বান আৰু খহনীয়াত কুৰিখনমান গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ পিচত সম্প্ৰতি বঙালমৰা গ্ৰেজিং মথাউৰিটোৰ প্ৰতি ভাবুকি আনিছে । মথাউৰিটোৰ ওচৰ চাপিছে নৈ খনৰ খহনীয়া । খহনীয়াত মথাউৰিটো জাহ যাব লাগিলে এক বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হ’ব । যাৰ বাবে এতিয়া নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে ।
![dikrong river erosion news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-08-2023/19153090_1.jpg)
অঞ্চলটোৰ এনে বিপদৰ আশংকা কৰি সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই জলসম্পদ বিভাগক অৱগত কৰিছিল যদিও বিভাগে বাঁহৰ জেং, গছৰ ডাল আৰু দুটামান বস্তা পেলাই দায়িত্ব সামৰে । যাৰ বাবে উদিগ্ন হৈ পৰিছে নৈ পৰীয়া ৰাইজ । মঙলবাৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এই সন্দৰ্ভত জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰখনত পোন্ধৰ দিনৰ ভিতৰত খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰাৰ লগতে ইতিমধ্যে যিসকল লোকৰ ঘৰ বাৰী খহনীয়াত উচন হ’ল তেনে পৰিয়ালক পুনৰ সংস্থাপন দিয়া, কৃষি ভূমি হেৰুৱা কৃষকক এককালীন সাহায্য দিয়াৰ দাবী জনাই । অন্যথা ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও স্মাৰক পত্ৰখনত স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক : Mariani erosion news:মৰিয়নীত পূৰ্বে গঞাই দেখা নাই এনেদৰে মাটি খহা !