লখিমপুৰ,২০ মে' : লখিমপুৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পৰ্কত সংবাদমেল সম্বোধন কৰে লখিমপুৰ উপায়ুক্তই। লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে। বিহপুৰীয়াৰ,নাওবৈছা,আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত। ভোটগণনা কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ কৰা হ'ব মবাইল ফোন। তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব ভোটগণনা কেন্দ্ৰৰ ভিতৰত। লখিমপুৰৰ মুঠ ৪৮ টা ৰাউণ্ডত হ'ব এই ভোটগণনা।
লখিমপুৰত উপায়ুক্তৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পৰ্কত সংবাদমেল - loksabha_election
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে
![লখিমপুৰত উপায়ুক্তৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পৰ্কত সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3332277-624-3332277-1558344788104.jpg?imwidth=3840)