লখিমপুৰ,27আগষ্টঃ লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প আৰু অসম চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে সদৌ চুতিয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে লখিমপুৰৰ ৰাজপথ৷ প্ৰতিবাদকাৰীসকলে ৰাজপথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কোনো কাৰণতে জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৷
ইপিনে লখিমপুৰ, ধেমাজি, মাজুলীৰ জনসাধাৰণক বিপদত পেলাই অসম চৰকাৰে NHPC কৰ্তৃপক্ষক বান্ধ নিৰ্মাণৰ সেউজ সংকেত প্ৰদান কৰাৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।