ETV Bharat / state

international peace day: লখিমপুৰৰ শিল্পীলৈ মালদ্বীপ চৰকাৰৰ বিশেষ সন্মান

author img

By

Published : Nov 15, 2021, 9:09 PM IST

সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰি তুলিছে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই ৷ শিল্পীগৰাকীৰ কৰ্মক স্বীকৃতি জনাই মালদ্বীপ চৰকাৰে প্ৰদান কৰিছে বিশেষ সন্মান ।

Lakhimpur Artist honours by Maldives government
লখিমপুৰৰ শিল্পীলৈ মালদ্বীপ চৰকাৰৰ বিশেষ সন্মান

লখিমপুৰ, ১৫ নৱেম্বৰ : ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্বৰ বিভিন্ন দেশত ৰঙৰ পোহাৰ মেলা লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই বিভিন্ন দেশৰ বঁটা বাহন, সন্মান লাভ কৰাৰ পাছত এইবাৰ লাভ কৰিছে মালদ্বীপ চৰকাৰৰ আন্তর্জাতিক পিচ এৱাৰ্ড ।

শিল্পী পৰেশ ভূঞা

পৰেশ ভূঞাই ইতিমধ্যে ইজিপ্ত, চীন, বাংলাদেশকে ধৰি বিভিন্ন দেশত চিত্ৰ কৰ্মশালা, প্ৰদৰ্শনীত ভাগ লৈ বহু সন্মান কঢ়িয়াই আনিছে । এনেদৰে বহু সন্মান লাভ কৰি দেশক গৌৰৱাম্বিত কৰা শিল্পীগৰাকীৰ শেহতীয়া সন্মান প্ৰাপ্তিয়ে পুনৰবাৰ দেশক গৌৰৱাম্বিত কৰি তুলিছে ।

ৰং তুলিকাৰে বিশ্ব জয় কৰাৰ দুৰন্ত গতিৰে ধাৱমান এইগৰাকী শিল্পীৰ যাত্ৰা অব্যাহত আছে । তেওঁ আকৌ এবাৰ ইজিপ্তলৈ যোৱাৰ প্ৰস্তুতি কৰিছে । ইজিপ্ত চৰকাৰৰ আমন্ত্ৰণক্ৰমে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি তেওঁ ইজিপ্তত ৰঙৰ পোহাৰ মেলিবগৈ ।

সীমাৰ পৰিধি ভাঙি দেশক প্ৰতিনিধিত্ব কৰি আজীৱন দেশে দেশে ৰঙৰ মায়াজালেৰে শিল্পী সত্বাক বিলাই দিয়াৰ পণত ব্ৰতী শিল্পী পৰেশ ভূঞাক লৈ গৌৰৱাম্বিত সমগ্ৰ দেশ ।

লগতে পঢ়ক : তৰুণ গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ‘মুনীন বৰকটকী সাহিত্য বঁটা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.