ETV Bharat / state

Primary Teacher Trainers Association: প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন - প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন

লখিমপুৰ জিলাৰ সমীপৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অহা ১৭ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন ৷ দেওবাৰে উলহ মালহেৰে এই অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ।

Primary Teacher Trainers Association
সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন
author img

By

Published : Mar 5, 2023, 9:16 PM IST

সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

লখিমপুৰ, ৫ মাৰ্চ : লখিমপুৰ জিলাৰ সমীপৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিৱেশন ৷ তিনিদিনীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব এই অধিৱেশন (All Assam Primary Teacher Trainers Association) ৷ দেওবাৰে এই অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷

লখিমপুৰ নগৰৰ সমীপৰ আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ’ব এই অধিৱেশন ৷ সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷

অনুষ্ঠিত হ’বলগীয়া এই শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠানৰ বাবে দেওবাৰে আয়তীৰ উৰুলি, গায়ন, বায়ন আদি মংগল ধ্বনিৰে লাইখুঁটা স্থাপন কৰা হয় (lai khuta laid of Primary Teacher Association) । লাইখুঁটা স্থাপন কৰে সাংবাদিক কুমুদ বৰুৱাই । এই উপলক্ষে এখন সভাৰো আয়োজন কৰা হয় । সভাত লাইখুঁটা স্থাপক, আদৰণি সমিতিৰ সভাপতি চৰণ কুমাৰ দৈমাৰী, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ, সাধাৰণ সম্পাদক বিপুল বৰা আদি বিভিন্নজনে ভাষণ দি অধিৱেশনখনৰ সফলতা কামনা কৰাৰ লগতে সকলোকে অকুন্ঠচিতে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় ৷

সভাখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিহু নৃত্য, গায়ন-বায়ন পৰিৱেশন কৰি জীপাল কৰি তোলে । উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ কেইবাশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱেশনখনত ৰাজ্যৰ শিক্ষামন্ত্ৰীকে ধৰি শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব (Primary Teachers Association meet in Lakhimpur) ।

অধিৱেশন উপলক্ষে দ্বাৰ উন্মোচন, বৃক্ষ ৰোপণ, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, বাণিজ্য মেলা উদ্বোধন, শৈক্ষিক সমাৰোহ, গ্ৰন্থ উন্মোচনী সভা, কাৰ্য নিৰ্বাহক সভা, প্ৰতিনিধি সভা, পতাকা উত্তোলন, অন্তৰংগ আলাপ, প্ৰবীণ ক্ৰীড়া, আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : Powerloom cloths controversy: পৰীক্ষাগাৰৰ পৰা সুদত্তৰ নোপোৱাৰ বাবেই সাৰি যায় পাৱাৰলুমৰ গামোচা ব্যৱসায়ী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.