ETV Bharat / state

নাওবৈচাৰ পাভত কৃষক মুক্তিৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Jan 5, 2021, 3:52 PM IST

Updated : Jan 5, 2021, 3:59 PM IST

কা বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ নাওবৈচাৰ পাভত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

KMSS Human chain at Nowboich
নাওবৈচাৰ পাভত কৃষক মুক্তিৰ মানৱ শৃংখল কাৰ্যসূচী

নাওবৈচা,৫জানুৱাৰী: নাওবৈচাৰ পাভত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী। শ শ কৃষক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য‌ই কা বাতিলৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ। মঙলবাৰে কৃষক মুক্তিৰ সদস্য আৰু স্থানীয় কৃষক ৰাইজে নাওবৈচাত অখিল গগৈক মুক্তি দিয়ক,বিজেপি চৰকাৰ নিপাত যাওক,হিমন্ত বিশ্ব মুর্দাবাদ,সৰ্বানন্দ সোণোৱাল গ'বেগ,কা আমি নামনো আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ লগতে অখিল গগৈ কাৰাগাৰৰ পৰা মুক্ত হ'লেই ৰাজ্যত পুনৰ ছুনামি আহিব। অখিল কাৰামুক্ত হোৱাৰ পিছতে অসমৰ ৰাইজে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব বুলিও মন্তব্য কৰে কৃষক নেতা সকলে ৷ কা আন্দোলনৰ এবছৰৰ পাচতো বিভিন্ন গোচৰ জাপি দি কৃষক নেতা গৰাকীক বন্দী কৰি ৰখাৰ বাবে অতিষ্ঠ হৈ পৰিছে অসমৰ ৰাইজ ৷

লগতে পঢ়ক: অখিল গগৈৰ কাৰামুক্তিৰ কামনাৰে বন্তি জ্বলালে মাতৃ প্ৰিয়দা গগৈয়ে

Last Updated : Jan 5, 2021, 3:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.