ETV Bharat / state

বিহপুৰীয়াৰ খেৰাজখাট ক'ভিড চিকিৎসাকেন্দ্ৰত কি চলিছে ? - বিহপুৰীয়া ক'ভিড চিকিৎসালয়

পানী যোগানৰ দায়িত্বত নিয়োজিত জনস্বাস্থ্য কাৰিকৰী বিভাগে সময়মতে কাম কৰি থকাৰ মাজতো ৰোগীয়ে পানী অপব্যয় কৰা আৰু কাৰিকৰী ভুলৰ বাবে নিশা নোহোৱা হৈছিল পানী ৷ কেন্দ্ৰ পৰিচালক ডা° অতুল খাউণ্ডৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছতো চিকিৎসকক দুব্যৱহাৰ বিষয়টোৱে মনোকষ্ট দিছে চিকিৎসকসকলক ৷

KHERAJKHAT COVID HOSPTIAL OF LAKHIMPUR DISTRICT HUNGAMA
বিহপুৰীয়াৰ খেৰাজখাট ক'ভিড চিকিৎসাকেন্দ্ৰত কি চলিছে
author img

By

Published : Sep 12, 2020, 11:08 AM IST

বিহপুৰীয়া, 12 ছেপ্তেম্বৰঃ নাৰায়ণপুৰৰ খেৰাজখাটত থকা ক'ভিড চিকিৎসা কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসকক ক'ভিড-১৯ ৰোগীৰ দুব্যৱহাৰ অভিযোগ ৷ নিশা কেন্দ্ৰটোত ৰোগীক পানী যোগান নধৰাক কেন্দ্ৰ কৰি এগৰাকী ৰোগীয়ে কৰ্তব্যৰত চিকিৎসক মানৱজ্যোতি বৰাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সীমিত সুবিধাৰ মাজেৰে ৰোগীসকলক চিকিৎসা প্ৰদান কৰা চিকিৎসক আৰু নাৰ্চৰ বাবে নাই থকাৰ সুব্যৱস্থা ৷ ফলত পুৰুষ মহিলা, স্বাস্থ্যকৰ্মী আৰু চিকিৎসককে একেটা বাথৰূম ব্যৱহাৰ কৰিবলগীয়া হৈছে ৷

বিহপুৰীয়াৰ খেৰাজখাট ক'ভিড চিকিৎসাকেন্দ্ৰত কি চলিছে

খিৰিকী নথকা ৰূমত আছে মহিলা নাৰ্চসকল ৷ পকী মজিয়াত শুৱ লগা হৈছে স্বাস্থ্যকৰ্মী ৷ এইসকলো সমস্যাৰ মাজতো কোনো প্ৰতিবাদ নকৰা স্বাস্থ্যকৰ্মী-সুৰক্ষাকৰ্মী আৰু চিকিৎসকসকলে কৰ্তব্য সম্পাদন কৰাৰ সময়ত একাংশ ৰোগীৰ দুব্যৱহাৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ৷ কেন্দ্ৰটোত হাত, ভৰি অথবা গা ধোঁৱাৰ বাবে পানী যোগানত বাধা সৃষ্টি হোৱাৰ বাবে চিকিৎসকক কটুবাক্য প্ৰয়োগ কৰে ৰোগীয়ে ৷ পানী যোগানৰ দায়িত্বত নিয়োজিত জনস্বাস্থ্য কাৰিকৰী বিভাগে সময়মতে কাম কৰি থকাৰ মাজতো ৰোগীয়ে পানী অপব্যয় কৰা আৰু কাৰিকৰী ভুলৰ বাবে নিশা নোহোৱা হৈছিল পানী ৷ কেন্দ্ৰ পৰিচালক ডা° অতুল খাউণ্ডৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছতো চিকিৎসকক দুব্যৱহাৰ বিষয়টোৱে মনোকষ্ট দিছে চিকিৎসক সকলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.